বুঢ়াচাপৰি বন্যপ্রাণী অভয়াৰণ্যত ৪০ বছৰৰ পাছত দেখা পোৱা গৈছে অসমৰ সম্পদ এটা খৰ্গযুক্ত গঁড়ৰ উপস্থিতি। বন বিষয়াসকলে এই তথ্য জানিবলৈ দি কয় যে যোৱা বছৰ ৰাজ্য চৰকাৰে চলোৱা সফল উচ্ছেদ অভিযানৰ বাবেই এনে হৈছে।
এটা খৰ্গযুক্ত গঁড়ৰ ৰম্যভূমি ৰূপে পৰিচিত এই অভয়াৰণ্যখনত এসময়ত ৫০ৰো অধিক গঁড়ৰ উপস্থিতি আছিল। কিন্তু ৮০ দশকৰ আৰম্ভণিতে বৃদ্ধি পোৱা চোৰাং চিকাৰ আৰু অবৈধ ভূমি দখলৰ বাবে ১৯৮৩ চনত গঁড়ৰ সংখ্যা শূন্যলৈ নামি আহিছিল। কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ পৰিচালক সোণালী ঘোষে এই কথা জনায়।
শুকুৰবাৰে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই এক্সযোগে এই তথ্য শ্বেয়াৰ কৰি কয়, ‘জনাবলৈ পাই সুখী যে ৪০ বছৰৰ পাছত আমাৰ পৰিচয় গঁড় লাওখোৱা আৰু বুঢ়াচাপৰিলৈ ঘূৰি আহিছে। অঞ্চলটোত আমাৰ সফল বেদখল বিৰোধী অভিযানৰ ১ বছৰৰ ভিতৰত তেওঁলোক ঘূৰি আহিছে’।
উল্লেখ্য যে, সংৰক্ষিত বনাঞ্চলখনত হোৱা বেদখল আঁতৰাবলৈ বিগত বছৰ অসম চৰকাৰে ব্যাপক উচ্ছেদ অভিযান চলাইছিল।
ব্ৰহ্মপুত্ৰৰ দক্ষিণ পাৰৰ প্লাৱনভূমিত অৱস্থিত বুঢ়াচাপৰি অভয়াৰণ্য নগাঁও জিলাৰ লাওখোৱা বন্যপ্রাণী অভয়াৰণ্যৰ গাতে লাগি আছে। ব্রহ্মপুত্রই সৃষ্টি কৰা কেইবাটাও চৰ-চাপৰিও বুঢ়াচাপৰি বন্যপ্রাণী অভয়াৰণ্যৰ লগত সংলগ্ন হৈ আছে।