ISHAN NEWS – Always One Step Ahead of Time…

মই দেশভক্ত, অন্ধভক্ত নহয় : ৰাম মন্দিৰ প্ৰাণ প্ৰতিষ্ঠা সন্দৰ্ভত উদ্ধৱ থাকৰেৰ মন্তব্য

0 181

মহাৰাষ্ট্ৰ প্ৰাক্তন মুখ্যমন্ত্ৰী তথা শিৱসেনাৰ নেতা উদ্ধৱ থাকৰেই ৰাম মন্দিৰ সন্দৰ্ভত পুনৰ এবাৰ নিজৰ প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে। তেওঁ কয় যে ৰাম মন্দিৰ নিৰ্মাণ হৈ আছে আৰু ইয়াক লৈ সকলো আনন্দিত, কিন্তু মই দেশভক্ত, অন্ধভক্ত নহয়।

‘ৰাম মন্দিৰ নিৰ্মাণ হোৱাটো মোৰ পিতৃৰো সপোন আছিল আৰু এয়া আমাৰ সকলোৰে বাবে আনন্দৰ খবৰ যে ৰাম মন্দিৰ নিৰ্মাণ হৈ আছে কিন্তু প্ৰাণ প্ৰতিষ্ঠা সন্দৰ্ভত শংকাৰচাৰ্যৰ সৈতে আলোচনা কৰিব লাগিছিল’, এইদৰে কয় নেতাগৰাকীয়ে।

ৰাম মন্দিৰৰ প্ৰাণ প্ৰতিষ্ঠাৰ দিনটোত অৰ্থাত ২২ জানুৱাৰিৰ সন্ধিয়া থাকৰেই গোদাবৰী নদীত আৰতী প্ৰদান কৰিব বুলি জনায়।

উল্লেখ্য যে, ৰাম মন্দিৰৰ নিৰ্মাণ সম্পূৰ্ণ নোহোৱাকৈয়ে প্ৰাণ প্ৰতিষ্ঠা কৰিবলৈ ওলোৱা কাৰ্যৰ বিৰোধিতা কৰি কংগ্ৰেছকে ধৰি আন কেইবাটাও বিৰোধী ৰাজনৈতিক দলে ২২ জানুৱাৰিৰ অনুষ্ঠান বৰ্জন কৰিছে।

ইফালে ৰাম মন্দিৰৰ প্ৰাণ প্ৰতিষ্ঠাৰ দিনটোত দেশৰ প্ৰতিটো পৰিয়ালকে ঘৰে ঘৰে বন্তি জ্বলাবলৈ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে আহ্বান জনাইছে। 

Leave A Reply

Your email address will not be published.