ISHAN NEWS – Always One Step Ahead of Time…

ৰাজধানীত চাঞ্চল্যকৰ ঘটনা; দুটি শিশুসহ চাৰিজন লোকৰ মৃত্যু । ISHAN NEWS

0 202

ৰাজধানী দিল্লীত সংঘটিত হৈছে এক চাঞ্চল্যকৰ ঘটনা। এটা ঘৰত উদ্ধাৰ হৈছে চাৰিজন লোকৰ মৃতদেহ। প্ৰচণ্ড শীতৰ পৰা পৰিত্ৰাণ পাবলৈ ঘৰৰ ভিতৰত জ্বলাইছিল জুই। কিন্তু ওৰে নিশা জুই জ্বলি থকাত কোঠাটো ধোঁৱাৰে ভৰি পৰিছিল, যাৰ বাবে পৰিয়ালটোৰ চাৰিজন সদস্যৰ মৃত্যু হয়।

ৰাতিপুৱা পৰিয়ালটোৰ কোনো সদস্যকে নেদেখাত ওচৰ চুবুৰীয়াই আৰক্ষীক খবৰ দিয়ে। ইয়াৰ পিছতে আৰক্ষীয়ে সেই স্থানত উপস্থিত হৈ দুৱাৰ ভাঙি ভিতৰত প্ৰৱেশ কৰে।

লাভ কৰা তথ্য অনুসৰি এই ঘটনা সংঘটিত হৈছে আউটাৰ উত্তৰ দিল্লীৰ খেড়া অঞ্চলত। ঘৰটোৰ পৰা ৪ জন লোকৰ মৃতদেহ উদ্ধাৰ কৰা হৈছে, য’ত স্বামী, পত্নী আৰু দুটা সন্তান আছিল।

আৰক্ষীয়ে জনোৱা মতে, ঘৰৰ দুৱাৰ ভিতৰৰ পৰা বন্ধ হৈ আছিল আৰু কোঠাটোত জুই জ্বলি আছিল।

আৰক্ষী বিষয়াসকলে জনোৱা মতে, প্ৰচণ্ড শীতৰ পৰা হাত সাৰিবলৈ কোঠাটোত জুই জ্বলোৱা হৈছিল। ওৰে নিশা জুই জ্বলি থকাত কোঠাটো ধোঁৱাৰে আৱৰি পৰে আৰু শ্বাসৰুদ্ধ হৈ চাৰিওজন লোকৰ মৃত্যু হয়।

এই ঘটনাত দুটি শিশুৰো মৃত্যু হৈছে, ইয়াৰে এজনৰ বয়স ৭ বছৰ আৰু আনটোৰ বয়স ৮ বছৰ। মৃতদেহ কেইটা মৰণোত্তৰ পৰীক্ষাৰ বাবে প্ৰেৰণ কৰিছে আৰক্ষীয়ে।

Leave A Reply

Your email address will not be published.