১২টা কণীৰ দাম ৪০০ টকা (PKR), এক কেজি মাংসৰ দাম ৬১৫ টকা (PKR)! পাকিস্তানত এমুঠি খাদ্যৰ বাবে হাহাকাৰ ।
সমুখত নিৰ্বাচন, অথচ এমুঠি ভাতৰ বাবে চিন্তা কৰিবলগীয়া হৈছে পাকিস্তানৰ নাগৰিকে। মাছ-মাংসতো দূৰেই কথা, চাউল দাউল, শাকপাচলিৰ দৰে নিত্যাৱশ্যকীয় সামগ্ৰী ক্ৰয় কৰিবলৈ গৈও এতিয়া মূৰে কপালে হাতদিবলগীয়া অৱস্থা দেশখনৰ নাগৰিকৰ। ভয়ংকৰ অৰ্থনৈতিক সংকটত পৰা পাকিস্তানত এতিয়া ১২টা কণীৰ দাম হৈছেগৈ ৪০০ পাকিস্তানী ৰুপি। ইয়াৰ বিপৰীতে প্ৰতিকেজি মাংস বিক্ৰী হৈছে ৬১৫ পাকিস্তানী ৰুপিত।
আন্তঃৰাষ্ট্ৰীয় মুদ্ৰাস্ফীতিৰ ফলত বিগত কেইবাবছৰ ধৰি শোচনীয় হৈ পৰিছে পাকিস্তানৰ অৰ্থনীতি। অতি বেয়ালৈ ঢাল খাইছে দেশৰ নাগৰিকৰ অৱস্থা। পাকিস্তানৰ লাহোৰত বৰ্তমান ১২টা কণীৰ দাম ৪০০ পাকিস্তানী ৰুপি হোৱাৰ বিপৰীতে প্ৰতিকেজি পিঁয়াজৰ দাম গৈছেগৈ ২৫০ পাকিস্তানী ৰুপী। পাক চৰকাৰে ইয়াৰ বাবে প্ৰতিকিলোৰ দাম ১৭৫ টকা ধাৰ্য কৰিছিল। প্ৰতিলিটাৰ গাখীৰ কিনিবলগীয়া হৈছে ২১৩ পাকিস্তানী ৰূপী। আনহাতে চাউল প্ৰতি কিলোত ৩২৮ টকালৈকে বিক্ৰী কৰা হৈছে। ১ কিলো আপেলৰ মূল্য ২৭৩ টকা হৈছেগৈ।
এআৰৱাই নিউজৰ প্ৰতিবেদন অনুসৰি, ভয়ংকৰভাৱে ধাৰত পোত গৈছে পাকিস্তানৰ চৰকাৰ। ২০২৩-২৪ বিত্তীয় বৰ্ষত যোৱা বছৰ নৱেম্বৰৰ শেষলৈ পাকিস্তানৰ ওপৰত মুঠ ঋণৰ বোজা বৃদ্ধি পাইছে ৬৩,৩৯৯ ট্ৰিলিয়ন পাকিস্তানী টকালৈ।