বুধবাৰে পুৱা জলপাইগুৰিত সংঘটিত এক পথ দুৰ্ঘটনাত আৰক্ষীৰ এজন উপ-পৰিদৰ্শকে কৰুণ মৃত্যুক সাৱটি লয়। জানিব পৰা মতে, আৰক্ষী বিষয়াজনে বাইকেৰে গৈ থকা অৱস্থাত তেওঁৰ সন্মুখত অহা এটা কুকুৰক বচাবলৈ চেষ্টা কৰাৰ ফলতেই এই দুৰ্ঘটনাটো সংঘটিত হয়।
দুৰ্ঘটনাটো সংঘটিত হোৱাৰ পিছতেই তেওঁৰ এজন সহকৰ্মীয়ে তেওঁক জলপাইগুৰি মেডিকেল কলেজ এণ্ড হাস্পতাললৈ লৈ যায় যদিও তেওঁক চিকিৎসকে মৃত বুলি ঘোষণা কৰে।
সূত্ৰই জনোৱা মতে, জিলাখনৰ ৰাজগঞ্জ ব্লকৰ টাটাইগঞ্জৰ কৰুণা কান্ত ৰয় (৪৯) নামৰ আৰক্ষী বিষয়াজনে পেৰেডত অংশগ্ৰহণ কৰিবলৈ জিলা আৰক্ষী লাইনলৈ গৈ আছিল।
মটৰ চাইকেলেৰে চহৰৰ হস্পিতালপাৰা অঞ্চল পাৰ হোৱাৰ পিছতে তেওঁৰ বাইকৰ সন্মুখত আহে এটা কুকুৰ। কুকুৰটোক বচাবলৈ চেষ্টা কৰাৰ ফলতেই নিয়ন্ত্ৰণ হেৰুৱাই তেওঁৰ দুচকীয়া বাহনখনে পথৰ ডিভাইডাৰত খুন্দা মাৰে।
জিলা আৰক্ষীৰ ভাৰপ্ৰাপ্ত বিষয়া (মনিটৰিং চেল) হিচাপে দায়িত্বত আছিল মৃত কৰুণা কান্ত ৰয়।