ISHAN NEWS – Always One Step Ahead of Time…

কেন্দ্ৰৰ কঠোৰ সতৰ্কবাণী; ‘ৰামলালাৰ প্ৰাণ প্ৰতিষ্ঠাৰ লগত জড়িত ভুল তথ্য প্ৰচাৰ নকৰিব’

0 200

দেশবাসীয়ে অধীৰ আগ্ৰহেৰে ৰৈ থকা বিষেশ ক্ষণ তথা দিনটো সমাগত। অহা ২২ জানুৱাৰীত অযোধ্যাস্থিত ৰাম মন্দিৰত প্ৰাণ প্ৰতিষ্ঠা হ’ব ৰামলালাৰ। ইয়াক লৈ অযোধ্যাত চলি আছে ব্যাপক প্ৰস্তুতি।

ৰাম মন্দিৰৰ প্ৰাণ প্ৰতিষ্ঠাৰ দিনটোত যাতে নিৰাপত্তাত কোনো শুৰুঙা ৰৈ নাযায় তাৰ বাবেও কেন্দ্ৰীয় চৰকাৰৰ তত্বাৱধানত ৰাজ্য চৰকাৰে লৈছে যাৱতীয় ব্যৱস্থা।

নিউজ এজেন্সী পিটিআইৰ প্ৰতিবেদন অনুসৰি, এই সন্দৰ্ভত কেন্দ্ৰীয় চৰকাৰে এটা পৰামৰ্শ জাৰি কৰি সংবাদ মাধ্যম আৰু ছ’চিয়েল মিডিয়া প্লেটফৰ্মসমূহক ৰাম মন্দিৰৰ কাৰ্যসূচীৰ সৈতে জড়িত মিছা আৰু ভিত্তিহীন বাতৰি প্ৰকাশৰ পৰা বিৰত থাকিবলৈ অনুৰোধ জনাইছে।

তথ্য আৰু সম্প্ৰচাৰ মন্ত্ৰালয়ে জাৰি কৰা এক পৰামৰ্শত কোৱা হৈছে, ‘বিশেষকৈ ছ’চিয়েল মিডিয়াত কিছুমান মিছা, উত্তেজনাপূৰ্ণ আৰু ভুৱা বাৰ্তা প্ৰচাৰ কৰা দেখা গৈছে, যিয়ে সাম্প্ৰদায়িক সম্প্ৰীতি আৰু জনশৃংখলা বিঘ্নিত কৰিব পাৰে’।

অহা ২২ জানুৱাৰীত অযোধ্যাত ৰামলাল্লাৰ প্ৰতিমূৰ্তিৰ অভিষেক অনুষ্ঠানত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীকে ধৰি বহু গণ্য মান্য ব্যক্তি উপস্থিত থাকিব।

ৰাম মন্দিৰৰ প্ৰাণ প্ৰতিষ্ঠাৰ পূৰ্বে ৰাম মন্দিৰক লৈ বহু ভুৱা লিংক ছ’চিয়েল মিডিয়াত শ্বেয়াৰ হৈ আছে আৰু সেই বাবে কেন্দ্ৰীয় চৰকাৰে এই কঠোৰ নিৰ্দেশনা জাৰি কৰিছে।

Leave A Reply

Your email address will not be published.