আন্তঃৰাষ্ট্ৰীয় ক্ৰিকেট পৰিষদ চমুকৈ আই চি চিয়ে ২০২৩ বৰ্ষৰ শ্ৰেষ্ঠ টেষ্ট দল ঘোষণা কৰিছে। ভাৰতৰ দুগৰাকী খেলুৱৈয়ে এই দলত স্থান লাভ কৰিছে।
অষ্ট্ৰেলিয়াৰ পেট কামিন্সক আইচিচিয়ে ২০২৩ চনৰ টেষ্ট দলৰ অধিনায়ক হিচাপে নিযুক্তি দিছে। টি-২০ৰ দৰে আই চি চিয়ে ঘোষণা কৰা টেষ্ট দলটো পাকিস্তানৰ কোনো খেলুৱৈয়ে স্থান লাভ নকৰিলে।
২০২৩ বৰ্ষৰ আই চি চিৰ শ্ৰেষ্ঠ টেষ্ট দলত অষ্ট্ৰেলিয়াৰ ৫ জন, ভাৰতৰ ২ জন, ইংলেণ্ডৰ ২ জন, শ্ৰীলংকাৰ এজন আৰু নিউজিলেণ্ডৰ এজন খেলুৱৈ আছে।
আইচিচিয়ে ২০২৩ চনৰ শ্ৰেষ্ঠ টেষ্ট দলত ভাৰতৰ ৰবীন্দ্ৰ জাডেজা আৰু ৰবিচন্দ্ৰন অশ্বিনক অন্তৰ্ভুক্ত কৰিছে।
আনহাতে অষ্ট্ৰেলিয়াৰ অ’পেনাৰ উছমান খাৱাজা, মিডল অৰ্ডাৰৰ বেটছমেন ট্ৰেভিছ হেড, উইকেটকীপাৰ এলেক্স কেৰী, বেগী বলাৰ পেট কামিন্স আৰু মিচেল ষ্টাৰ্কে স্থান লাভ কৰিছে।
শ্ৰীলংকাৰ ডিমুথ কৰুণাৰত্নে, নিউজিলেণ্ডৰ অধিনায়ক কেন উইলিয়ামছন, ইংলেণ্ডৰ জো ৰুট আৰু ষ্টুৱাৰ্ট ব্ৰডকো ২০২৩ চনৰ শ্ৰেষ্ঠ টেষ্ট দলত অন্তৰ্ভুক্ত কৰা হৈছে।
বিশ্ব টেষ্ট চেম্পিয়নশ্বিপত জয়ী হোৱা অষ্ট্ৰেলিয়ান দলৰ পাঁচজন সদস্যক এই দলত অন্তৰ্ভুক্ত কৰা হৈছে।
উল্লেখ্য যে প্ৰতি বছৰে আই চি চিয়ে তিনিওটা ফৰ্মেটৰ শ্ৰেষ্ঠ পুৰুষ আৰু মহিলা দল নিৰ্বাচন কৰে। ভাল প্ৰদৰ্শন কৰা বিশ্বৰ ১১ জন খেলুৱৈয়ে এই দলসমূহত স্থান লাভ কৰে।
আইচিচিয়ে ঘোষণা কৰা ২০২৩ চনৰ শ্ৰেষ্ঠ টি-২০, শ্ৰেষ্ঠ এদিনীয়া আৰু শ্ৰেষ্ঠ টেষ্ট দল
২০২৩ চনৰ আই চি চিৰ শ্ৰেষ্ঠ টেষ্ট দল – উছমান খোৱাজা, ডিমুথ কৰুণাৰত্নে, কেন উইলিয়ামছন, জ’ ৰুট, ট্ৰেভিছ হেড, ৰবীন্দ্ৰ জাডেজা, এলেক্স কেৰী (উইকেটকীপাৰ), পেট কামিন্স (অধিনায়ক), আৰ অশ্বিন, মিচেল ষ্টাৰ্ক আৰু ষ্টুৱাৰ্ট ব্ৰড।
এদিনীয়া দল– ৰোহিত শৰ্মা (অধিনায়ক), শুভমন গিল, ট্ৰেভিছ হেড, বিৰাট কোহলী, ডেৰিল মিচেল, হেনৰিক ক্লাচেন (উইকেটকীপাৰ), মাৰ্কো ৱানচেন, এডাম জাম্পা, কুলদীপ যাদৱ, মহম্মদ চিৰাজ আৰু মহম্মদ ছামি।
টি-২০ দল– যশস্বী জয়ছোৱাল, ফিল ছল্ট, নিকোলাছ পুৰাণ (উইকেটকীপাৰ), সূৰ্য্যকুমাৰ যাদৱ (অধিনায়ক), মাৰ্ক চেপমেন, চিকন্দৰ ৰাজা, আলপেশ ৰামজানি, মাৰ্ক এদেইৰ, ৰবি বিষ্ণোই, ৰিচাৰ্ড নগৰৱা আৰু অৰ্শদীপ সিং।