শ্ৰমিক কঢ়িয়াই নিয়া বিমান দুৰ্ঘটনাত পতিত; ৬ জন লোকে সাৱটিলে মৃত্যুক
কানাডাৰ উত্তৰ-পশ্চিম অঞ্চলৰ ফ’ৰ্ট স্মিথৰ সমীপত শ্ৰমিক কঢ়িয়াই নিয়া এখন সৰু বিমান দুৰ্ঘটনাগ্ৰস্ত হোৱাৰ ফলত ছয়জন লোকৰ মৃত্যু হয়। বিমানখন খনন কোম্পানী ৰিঅ’ টিণ্টোৰ ডিয়াভিক হীৰা খনিৰ দিশে ৰাওনা হৈছিল বুলি জানিব পৰা গৈছে।
সংবাদ সংস্থা ৰয়টাৰে প্ৰকাশ কৰা অনুসৰি, পুৱা ৮:৫০ বজাত (স্থানীয় সময় অনুসৰি) উৰণৰ পিছতে ফ’ৰ্ট স্মিথৰ ওচৰত বিমান পৰিবহণ নিয়ন্ত্ৰণৰ সৈতে যোগাযোগ বিচ্ছিন্ন হয় আৰু ইয়াৰ পিছত স্লেভ নদীৰ ওচৰত বিমানখন উদ্ধাৰ হয়।
কি কাৰণত দুৰ্ঘটনা সংঘটিত হয় সেই কথা এতিয়ালৈকে জানিব পৰা হোৱা নাই।
কানাডাৰ সশস্ত্ৰ বাহিনীৰ জনসংযোগ বিষয়া মেক্সিম ক্লিচৰ উদ্ধৃতিৰে ৰয়টাৰে জনোৱা মতে, উদ্ধাৰ আৰু অনুসন্ধান অভিযানৰ বাবে ৰয়েল কানাডাৰ বায়ুসেনাৰ তিনিটা স্কোৱাড্ৰনক সেই স্থানলৈ প্ৰেৰণ কৰা হৈছে।