ISHAN NEWS – Always One Step Ahead of Time…

ৰাষ্ট্ৰীয় ৰাজনীতিত ধুমুহা; পুনৰ বিজেপিৰে মিত্ৰতা কৰিবলৈ সাজু নীতিশ কুমাৰ!

0 143

ৰাজনীতিত অসম্ভৱ বুলি একো কথা নাথাকে। সময়ে সময়ে সেই কথা প্ৰমাণ কৰি আহিছে বিহাৰে। বিহাৰত পুনৰ এবাৰ বৃহৎ ৰাজনৈতিক পট পৰিৱৰ্তনৰ সম্ভাৱনাই দেখা দিছে।

ৰাষ্ট্ৰীয় সংবাদ মাধ্যমৰ দাবী অনুসৰি, দেওবাৰে জে ডি ইউ প্ৰধান নীতিশ কুমাৰে সপ্তমবাৰৰ বাবে ৰাজ্যৰ মুখ্যমন্ত্ৰীৰূপে শপত ল’ব। বিজেপিৰ সৈতে বন্ধুত্ব একপ্ৰকাৰ নিশ্চিত হৈছে নীতিশ কুমাৰৰ।

যদি এই তথ্য সত্য হয় তেন্তে ১০ বছৰত ছবাৰকৈ নীতি সলনি কৰি মুখ্যমন্ত্ৰীৰূপে শপত লোৱা নীতিশ কুমাৰ হ’ব দেশৰ প্ৰথমগৰাকী ব্যক্তি।

এটা সূত্ৰই কৰা দাবী অনুসৰি, পুৰণি নীতি অনুসৰিয়েই গঠন হ’ব এন ডি এৰ নতুন চৰকাৰ। নতুন চৰকাৰত বিজেপিৰ পৰা থাকিব দুজনকৈ উপ-মুখ্যমন্ত্ৰী।

উল্লেখ্য যে সুশীল মোদীক অপসাৰণ কৰাৰ পিছত বিজেপিয়ে বিহাৰত দুজন উপ-মুখ্যমন্ত্ৰীৰ ফৰ্মূলা দিছিল।

সূত্ৰটোৰ উদ্ধৃতিৰে ৰাষ্ট্ৰীয় সংবাদ মাধ্যমে প্ৰকাশ  কৰা অনুসৰি, জনতা দল (ইউনাইটেড)ৰ মুৰব্বীগৰাকীয়ে ২৮ জানুৱাৰীৰ বাবে সকলো কাৰ্যসূচী বাতিল কৰিছে। দেওবাৰে মহাৰাণা জয়ন্তী উপলক্ষে নীতিশে এখন ৰাজহুৱা সভাত ভাষণ দিয়াৰ কথা আছিল।

ইফালে সুশীল কুমাৰ মোদীয়ে বিহাৰত চলি থকা ৰাজনৈতিক অনিশ্চয়তাক লৈ এটা ডাঙৰ বক্তব্য প্ৰদান কৰিছে। তেওঁ কৈছিল যে ৰাজনীতিত কাৰো বাবে কেতিয়াও দুৱাৰ চিৰদিনৰ বাবে বন্ধ নহয়। প্ৰয়োজন সাপেক্ষে খুলি দিয়া হয়।

নীতিশ কুমাৰে পুনৰবাৰ বিজেপিৰ সৈতে মিত্ৰতা কৰিব বুলি ওলোৱা খবৰে ৰাষ্ট্ৰীয় ৰাজনীতিৰ লগতে বিৰোধী মিত্ৰজোঁটত একপ্ৰকাৰ ধুমুহাৰ সৃষ্টি কৰিছে।

Leave A Reply

Your email address will not be published.