দেউতাকৰ তৃতীয় বিবাহ !স্কুললৈ যাব পৰা নাই ছানিয়াৰ পুত্ৰ ইজাহান!ডাঙৰ সিদ্ধান্ত ছানিয়াৰ।
ছানিয়া মিৰ্জা আৰু শ্বোয়েব মালিকৰ বিবাহ বিচ্ছেদৰ কেইমাহমানৰ ভিতৰতে তৃতীয়বাৰৰ বাবে বিবাহপাশত আৱদ্ধ হয় পাকিস্তানী ক্ৰিকেটাৰ গৰাকী।ছানিয়া -শ্বোৱেবৰ ব্যক্তিগত জীৱন এতিয়া চৰ্চাত। গতিকে বিভিন্ন ধৰণৰ গুজৱ অনুৰাগীৰ মাজত চলি আছে।আনকি শ্বোৱেবৰ পৰিয়ালো আছে ছানিয়াৰ পক্ষত। অৱশ্যে এই ঘটনাৰ আটাইতকৈ ডাঙৰ প্ৰভাৱ ছানিয়া-শ্বোৱেবৰ পুত্ৰ ইজাহানৰ ওপৰত পৰিছে। দেউতাকৰ বিয়াৰ বাবেই পুত্ৰক ইতিকিং,ঠাট্টা-মস্কৰা কৰা হৈছে স্কুলত। শেষত ছানিয়াই ল’লে এটা ডাঙৰ সিদ্ধান্ত। পিতৃ-মাতৃৰ বিচ্ছেদৰ বাবে পুত্ৰই স্কুললৈ যোৱাত হাৰাশাস্তি হৈছে বুলি এগৰাকী পাকিস্তানী সাংবাদিকৰ দাবী। ইমান দিনে পুত্ৰৰ সৈতে ডুবাইত আছে ছানিয়া।ইজাহানে তাৰে এখন প্ৰতিষ্ঠিত স্কুলত পঢ়িছিল। পুত্ৰৰ সৈতে হোৱা এই কাণ্ডৰ পিছত পুত্ৰক লৈ ঘৰলৈ উভতি আহিল ছানিয়া। হায়দৰাবাদত থকা নিজৰ ঘৰত থাকি পুত্ৰক ভাৰতীয় বিদ্যালয়ত নামভৰ্তি কৰাৰ সিদ্ধান্ত লৈছে ছানিয়াই। পাকিস্তানী সংবাদ মাধ্যমৰ সূত্ৰ অনুসৰি ২০২২ চনৰ শেষৰ পৰাই ছানিয়া আৰু শ্বোৱেবে পৃথকে পৃথকে থাকিবলৈ আৰম্ভ কৰিছিল।২০২২ চনৰ শেষৰ ফালে ছানিয়াই শ্বোৱেবৰ বাবে ‘খুলা’ কৰে।শ্বৰীয়ত আইন অনুসৰি বিবাহ বিচ্ছেদ দুই ধৰণে কৰিব পাৰি,তালাক আৰু খুলা।খুলা এনে এক প্ৰথা যাৰ দ্বাৰা মুছলমান মহিলাসকলে একপক্ষীয়ভাৱে স্বামীৰ পৰা পৃথক হ’ব পাৰে।