ISHAN NEWS – Always One Step Ahead of Time…

প্ৰথমটো নিৰ্বাচনতে ‘NDA’ৰ হাতত পৰাস্ত ‘INDIA’ : জয়ী হ’ল বিজেপিৰ মেয়ৰ

0 158

চণ্ডীগড়ৰ মেয়ৰ নিৰ্বাচনত বিজেপিৰ বৃহৎ জয়। এই নিৰ্বাচনত বিজেপি প্ৰাৰ্থী মনোজ সোনকাৰে জয়লাভ কৰিছে। মনোজ সোনকাৰে আম আদমি পাৰ্টিৰ প্ৰাৰ্থী কুলদীপ কুমাৰৰ বিৰুদ্ধে প্ৰতিদ্বন্দ্বিতা কৰিছিল।
বিগত আঠ বছৰে ধৰি বিজেপিয়ে মেয়ৰৰ পদত অধিষ্ঠিত হৈ আছে। পঞ্জাৱ আৰু হাৰিয়ানা উচ্চ ন্যায়ালয়ৰ নিৰ্দেশৰ পিছত আজি চণ্ডীগড়ত মেয়ৰ নিৰ্বাচন অনুষ্ঠিত হয়।
এই নিৰ্বাচনত কংগ্ৰেছ-আম আদমী পাৰ্টিৰ মিত্ৰজোঁট আৰু বিজেপিৰ মাজত পোনপটীয়া প্ৰতিদ্বন্দ্বিতা হৈছিল। পুৱা প্ৰায় ১০.৪০ বজাৰ পৰা মেয়ৰ পদৰ বাবে ভোটগ্ৰহণ প্ৰক্ৰিয়া আৰম্ভ কৰিছিল প্ৰিজাইডিং অফিচাৰ অনিল মাছিহে।
চণ্ডীগড়ৰ সাংসদ কিৰন খেড়ে প্ৰথমে ভোটদান কৰে। পুৱা প্ৰায় ১১.১৫ বজাত তেওঁ পৌৰ নিগম ভৱনত ভোটদান কৰে। চণ্ডীগড় পৌৰ নিগমৰ পদত সদস্য হিচাপে তেওঁৰ ভোটাধিকাৰ আছে।
মেয়ৰ পদৰ ভোট গণনাৰ পিছত এতিয়া জ্যেষ্ঠ উপ-মেয়ৰ আৰু উপ-মেয়ৰ পদৰ বাবে নিৰ্বাচন অনুষ্ঠিত হ’ব।
মেয়ৰ নিৰ্বাচনৰ প্ৰতি লক্ষ্য ৰাখি কটকটীয়া নিৰাপত্তা ব্যৱস্থা গঢ়ি তোলা হৈছিল। নিৰ্বাচনৰ সময়ত প্ৰায় ৮০০ আৰক্ষী আৰু অৰ্ধসামৰিক জোৱান নিয়োগ কৰা হৈছিল।
উল্লেখ্য যে প্ৰথমে ১৮ জানুৱাৰীত ভোটগ্ৰহণ হ’বলগীয়া আছিল যদিও প্ৰিজাইডিং অফিচাৰ অসুস্থ হোৱাৰ পিছত চণ্ডীগড় প্ৰশাসনে ৬ ফেব্ৰুৱাৰীলৈ ভোটদান পিছুৱাই দিছিল।
প্ৰশাসনে নিৰ্বাচন স্থগিত ৰখাৰ নিৰ্দেশৰ বিৰুদ্ধে কংগ্ৰেছ আৰু আপৰ কাউন্সিলাৰসকলে প্ৰতিবাদ আৰম্ভ কৰিছিল। চণ্ডীগড়ৰ উপ আয়ুক্তৰ নিৰ্দেশক উচ্চ ন্যায়ালয়ত প্ৰত্যাহ্বান জনাইছিল মেয়ৰ পদৰ আপৰ প্ৰাৰ্থী কুলদীপ কুমাৰে।
২৪ জানুৱাৰীৰ নিৰ্দেশত উচ্চ ন্যায়ালয়ে চণ্ডীগড় প্ৰশাসনক ৩০ জানুৱাৰীৰ পুৱা ১০ বজাত মেয়ৰ পদৰ নিৰ্বাচন অনুষ্ঠিত কৰিবলৈ নিৰ্দেশ দিছিল।
উল্লেখ্য যে, লোকসভা নিৰ্বাচনত বিজেপিক পৰাস্ত কৰিবলৈ বিৰোধীয়ে গঠন কৰা ‘ইণ্ডিয়া’ মিত্ৰজোঁটে প্ৰথমবাৰৰ বাবে কোনো নিৰ্বাচনত উমৈহতীয়া প্ৰাৰ্থী ঠিয় কৰোৱাইছিল। কিন্তু প্ৰথমটো নিৰ্বাচনত অৰ্থাত চণ্ডীগড় মেয়ৰ নিৰ্বাচনত বিজেপি মিত্ৰজোঁটৰ হাতত পৰাস্ত হোৱাত এতিয়া সমালোচনাৰ সন্মুখীন হৈছে ইণ্ডিয়া মিত্ৰজোঁট।

Leave A Reply

Your email address will not be published.