উত্তৰ প্ৰদেশৰ বদৌন জিলাত সংঘটিত হৈছে এক ভয়ংকৰ পথ দুৰ্ঘটনা। মঙলবাৰে উঝানি কোতৱালি অঞ্চলৰ বাৰেলী-মথুৰা ঘাইপথত সংঘটিত পথ দুৰ্ঘটনাত ডেৰ বছৰীয়া শিশু, এগৰাকী শিক্ষাৰ্থীসহ তিনিজনৰ মৃত্যু হয়।
জানিব পৰা মতে, স্কুলীয়া ছাত্ৰ-ছাত্ৰী লৈ যোৱা এখন ভ্যান সন্মুখৰ পৰা আহি থকা কেণ্টাৰৰ সৈতে সংঘৰ্ষত লিপ্ত হয়। ইয়াৰ পিছতে এখন যাত্ৰীবাহী বাছেও সংঘৰ্ষত লিপ্ত হোৱা দুয়োখন বাহনক খুন্দিয়াই।
এই দুৰ্ঘটনাত ভ্যান চালক উমেশ, তেওঁৰ ডেৰ বছৰীয়া পুত্ৰ দুষ্যন্ত আৰু ছবছৰীয়া স্কুলীয়া ছাত্ৰ আলেখৰ মৃত্যু হয়। আহত হৈছে ৬ টা শিশু।
আহতসকলক চিকিৎসা মহাবিদ্যালয়ত ভৰ্তি কৰোৱা হৈছে। তথ্য লাভ কৰাৰ লগে লগে আৰক্ষী অধীক্ষককে ধৰি শীৰ্ষ বিষয়াসকল চিকিৎসা মহাবিদ্যালয়ত উপস্থিত হৈ আহত শিশুসকলৰ স্বাস্থ্যৰ বুজ লয়।
তথ্য অনুসৰি উঝানি অঞ্চলৰ জুনিয়া গাঁৱৰ নিবাসী উমেশ (২৮) নামৰ এজন লোকে নিজৰ ভ্যানখনেৰে মঙলবাৰে পুৱা ফুলপুৰ গাঁৱৰ পৰা ছাত্ৰ-ছাত্ৰীসকলক লৈ উঝানিৰ কেপ্তেইন গজৰাম সিং ইণ্টাৰ কলেজলৈ থ’ব গৈছিল।
বিদ্যালয় পোৱাৰ পূৰ্বে ভ্যানখনে এখন গাড়ীক অভাৰটেক কৰিবলৈ চেষ্টা কৰাৰ সময়তে সন্মুখৰ পৰা অহা এখন কেণ্টাৰৰ সৈতে সংঘৰ্ষত লিপ্ত হয়। ইফালে পিছফালৰ পৰা আহি থকা এখন বাছেও দুয়োখন বাহনৰ সৈতে সংঘৰ্ষত লিপ্ত হয়।
এই কৰুণ ঘটনাৰ পিছত আৰক্ষীয়ে ভ্যান, কেণ্টাৰ আৰু বাছখন জব্দ কৰি তদন্ত আৰম্ভ কৰিছে।