আজি মধ্যপ্ৰদেশৰ হৰদা জিলাৰ এটা আতচবাজী কাৰখানাত সংঘটিত হৈছে ভয়ংকৰ বিস্ফোৰণ। বিস্ফোৰণৰ পিছতেই জুইয়ে আগুৰি ধৰে সমগ্ৰ কাৰখানাটো। এই ঘটনাত ৬ জন শ্ৰমিকৰ মৃত্যু হৈছে। আনহাতে ৬০ জন শ্ৰমিক আহত হোৱা বুলি জানিব পৰা গৈছে।
বিস্ফোৰণ ইমানেই প্ৰচণ্ড আছিল যে কাৰখানাটোৰ পৰা দূৰত থকা ঘৰ-দুৱাৰৰ লগতে কিছু দোকানৰো ক্ষতিসাধন হৈছে।
আহত লোকসকলক চিকিৎসাৰ বাবে চিকিৎসালয়লৈ লৈ যোৱা হৈছে। ঘটনাস্থলীত অগ্নিনিৰ্বাপক বাহিনীৰ গাড়ী উপস্থিত হৈ জুই নিয়ন্ত্ৰণ কৰিবলৈ প্ৰচেষ্টা অব্যাহত ৰাখিছে।
ইফালে কাৰখানাটোত আৰু বহু লোক আৱদ্ধ হৈ আছে বুলি আশংকা কৰা হৈছে। প্ৰশাসনিক বিষয়া কৰ্মচাৰীয়ে ঘটনাস্থলীত উপস্থিত হৈ সাহায্য আৰু উদ্ধাৰৰ কামত নিয়োজিত হৈছে।
এই কৰুণ ঘটনাটোৰ পিছতে ঘটনা সন্দৰ্ভত মধ্যপ্ৰদেশৰ মুখ্যমন্ত্ৰী মোহন যাদৱে এখন বৈঠক আহ্বান কৰিছে। লগতে মন্ত্ৰী উদয় প্ৰতাপক শীঘ্ৰে ঘটনাস্থলীলৈ যাবলৈ নিৰ্দেশ প্ৰদান কৰিছে।
ইয়াৰ উপৰি মুখ্যমন্ত্ৰী মোহন যাদৱে ভোপাল এইমছক সাজু হৈ থাকিবলৈ নিৰ্দেশ দিছে যাতে প্ৰয়োজনত আহত লোকসকলক চিকিৎসা প্ৰদান কৰিব পৰা যায়।