ISHAN NEWS – Always One Step Ahead of Time…

বিপদত কেজৰিৱাল! ১৭ ফেব্ৰুৱাৰীত আদালতত হাজিৰ হোৱাৰ নিৰ্দেশ

0 183

দিল্লীৰ মুখ্যমন্ত্ৰী অৰবিন্দ কেজৰিৱালক ১৭ ফেব্ৰুৱাৰীত আদালতত হাজিৰ হ’বলৈ নিৰ্দেশ প্ৰদান কৰা হৈছে। এই নিৰ্দেশ প্ৰদান কৰিছে ৰাউজ এভিনিউ আদালতে।

দিল্লী আবকাৰী নীতিৰ গোচৰত ইডিয়ে পাঁচবাৰকৈ চমন প্ৰেৰণ কৰাৰ পিছতো মুখ্যমন্ত্ৰী কেজৰিৱালে হাজিৰ নোহোৱাৰ বিৰুদ্ধে ইডিয়ে দাখিল কৰা আবেদন সন্দৰ্ভত ৰাউছ এভিনিউ আদালতে এই ৰায়দান কৰে।

আবেদন দাখিল কৰি আদালতত ইডিয়ে কৈছিল যে মুখ্যমন্ত্ৰী অৰবিন্দ কেজৰিৱাল এজন ৰাজহুৱা সেৱক আৰু তেওঁলৈ চমন প্ৰেৰণ কৰি থকা হৈছে আৰু এই ক্ষেত্ৰত তেওঁৰ পৰা কোনো সহযোগিতা পোৱা নাই।

ইডিয়ে প্ৰেৰণ কৰা চমনক অবৈধ বুলি অভিহিত কৰি আহিছিল মুখ্যমন্ত্ৰী কেজৰিৱাল আৰু তেওঁৰ নেতৃত্বাধীন আম আদমী পাৰ্টিয়ে।

ইফালে আজি আদালতে প্ৰদান কৰা নিৰ্দেশনা সন্দৰ্ভত আপে কয় যে ৰাউজ এভিনিউ আদালতৰ জাননী অধ্যয়ন কৰি থকা হৈছে। আইন অনুসৰি পদক্ষেপ গ্ৰহণ কৰা হ’ব।

লগতে আম আদমী পাৰ্টিয়ে কয় যে আমি আদালতক তথ্য সহকাৰে জনাম যে ইডিৰ সকলো চমনক কিয় অবৈধ আখ্যা দিছিলো।

উল্লেখ্য যে, ইডিয়ে দিল্লীৰ মুখ্যমন্ত্ৰী অৰবিন্দ কেজৰিৱালক প্ৰথমবাৰৰ বাবে ২০২৩ বৰ্ষৰ ২ নৱেম্বৰত চমন জাৰি কৰিছিল। ইয়াৰ পিছত ক্ৰমে ২১ ডিচেম্বৰত দ্বিতীয়খন, ২০২৪ বৰ্ষৰ ৩ জানুৱাৰীত তৃতীয়খন, ১৩ জানুৱাৰীত চতুৰ্থখন আৰু ৩১ জানুৱাৰীত পঞ্চমখন চমন জাৰি কৰিছিল।

Leave A Reply

Your email address will not be published.