ISHAN NEWS – Always One Step Ahead of Time…

নিৰ্বাচনী বণ্ড আঁচনিক অসাংবিধানিক আখ্যা সৰ্বোচ্চ ন্যায়ালয়ৰ

0 3,474

নিৰ্বাচনী বণ্ড আঁচনি সন্দৰ্ভত ডাঙৰ সিদ্ধান্ত দেশৰ সৰ্বোচ্চ ন্যায়ালয়ৰ। নিৰ্বাচনী বণ্ড আঁচনিক অসাংবিধানিক আখ্যা দি ইয়াৰ ওপৰত নিষেধাজ্ঞা আৰোপ কৰিছে উচ্চতম ন্যায়ালয়ে।

লোকসভা নিৰ্বাচনৰ পূৰ্বে নিৰ্বাচনী বণ্ড আঁচনিক অসাংবিধানিক আখ্যা দিয়াটো কেন্দ্ৰ চৰকাৰৰ বাবে মোক্ষম আঘাত বুলি গণ্য কৰা হৈছে।

নিৰ্বাচনী বণ্ড আঁচনিখনে তথ্যৰ অধিকাৰ আৰু মত প্ৰকাশৰ স্বাধীনতা উলংঘা কৰিছে। ৰাজনৈতিক দলৰ দ্বাৰা পুঁজিৰ বিষয়ে তথ্য প্ৰকাশ নকৰাটো অসাংবিধানিক বুলি কয় ন্যায়ালয়ে।

মুখ্য ন্যায়াধীশ ডি ৱাই চন্দ্ৰচূড়ৰ নেতৃত্বত গঠিত পাঁচজনীয়া সংবিধান বিচাৰপীঠে যোৱা বছৰৰ ২ নৱেম্বৰত এই গোচৰৰ ৰায় সংৰক্ষণ কৰি ৰাখিছিল।

শীঘ্ৰে নিৰ্বাচনী বণ্ড বন্ধ কৰাৰ নিৰ্দেশ প্ৰদান কৰি উচ্চতম ন্যায়ালয়ে কয়, ‘ভাৰতীয় ষ্টেট বেংকে এতিয়ালৈকে নিৰ্বাচনী বণ্ডৰ জৰিয়তে লাভ কৰা সকলো বৰঙণিৰ সবিশেষ ৬ মাৰ্চৰ ভিতৰত নিৰ্বাচনী আয়োগক দাখিল কৰিব লাগিব’।

ইয়াৰ উপৰি আদালতে নিৰ্বাচন আয়োগক ১৩ মাৰ্চৰ ভিতৰত এই তথ্য নিজৰ ৱেবছাইটত প্ৰকাশ কৰিবলৈও নিৰ্দেশ প্ৰদান কৰে।

উল্লেখ্য যে, এই আঁচনিৰ বিৰুদ্ধাচৰণ কৰি ২০১৭ চনৰ ছেপ্টেম্বৰ মাহত এটা বেচৰকাৰী সংস্থাই নিৰ্বাচনী স্বচ্ছতাক লৈ প্ৰশ্ন উত্থাপন কৰি আবেদন দাখিল কৰিছিল। ইয়াৰ পিছতে চিপিএম দলেও নিৰ্বাচনী বণ্ডক প্ৰত্যাহ্বান জনাই উচ্চতম ন্যায়ালয়ত গোচৰ তৰে।

আবেদনকাৰীয়ে উচ্চতম ন্যায়ালয়ত যুক্তি দৰ্শাইছিল যে নিৰ্বাচনী বণ্ড আঁচনিয়ে অনুচ্ছেদ ১৯(১)ৰ অধীনত নাগৰিকৰ তথ্য আৰু মৌলিক অধিকাৰ উলংঘা কৰে, ই ভ্ৰষ্টাচাৰক উদগনি দিয়ে।

নিৰ্বাচনী বণ্ডৰ বিষয়ে চমু আভাষ

নিৰ্বাচনৰ পূৰ্বে ৰাজনৈতিক দলসমূহক আৰ্থিক অনুদান দিয়াৰ এক পদ্ধতি হৈছে নিৰ্বাচনী বণ্ড। ২০১৭ চনত এই নিয়ম প্ৰৱৰ্তনৰ বাবে বিত্ত বিধেয়কত কেইবাটাও সংশোধনী কৰা হয়। নিৰ্বাচনী বণ্ডৰ নিয়ম অনুসৰি কোনো ৰাজনৈতিক দলক ধন দান কৰিব বিচৰা ব্যক্তি বা সংগঠনে ভাৰতীয় ষ্টেট বেংকৰ পৰা নিৰ্বাচনী বণ্ড ক্ৰয় কৰি নিজৰ পছন্দৰ ৰাজনৈতিক দলক দান কৰিব পাৰে।

অনুদান লাভ কৰা ৰাজনৈতিক দলসমূহে ১৫ দিনৰ ভিতৰত এছ বি আইৰ শাখাত বণ্ডসমূহ নগদ ধন হিচাপে সংগ্ৰহ কৰিব পাৰিব। কোনে দান কৰিছে সেই ধন গোপনে ৰখা হ’ব।

আঁচনিখনৰ আন এটা চৰ্ত আছিল যে বিগত লোকসভা বা বিধানসভা নিৰ্বাচনত কমেও এক শতাংশ ভোট লাভ কৰা ৰাজনৈতিক দলসমূহেও এই আঁচনিৰ জৰিয়তে আৰ্থিক সাহায্য লাভ কৰিব পাৰিব।

Leave A Reply

Your email address will not be published.