ISHAN NEWS – Always One Step Ahead of Time…

ইনষ্টাগ্ৰামত ব্যস্ত হৈ থকা পত্নীৰ ওপৰত বিৰক্ত হৈ মৃত্যু ৩৪ বছৰীয়া যুৱকৰ

0 356

পত্নীৰ ৰীলৰ প্ৰতি থকা অগাধ আকৰ্ষণত অতিষ্ঠ হৈ চৰম সিদ্ধান্ত ল’লে এগৰাকী অসহায় স্বামীয়ে। এই চাঞ্চল্যকৰ ঘটনাটো সংঘটিত হৈছে কৰ্ণাটকৰ হানুৰু অঞ্চলত।

জানিব পৰা মতে, পত্নীৰ ইনষ্টাগ্ৰাম ৰীল বনোৱাক লৈ বিৰক্ত হৈছিল স্বামী। ফলত দম্পতীহালৰ মাজত প্ৰায়ে কাজিয়াৰ সূত্ৰপাত হৈছিল। কাজিয়াৰ পিছত কথাবোৰ ক্ৰমাত বেয়াৰ ফালে ধাৱমান হয়।

স্বামীয়ে পত্নীৰ কামক আপত্তি কৰাৰ পাছতো সেই একেই কাম কৰি থাকিল পত্নীয়ে। অৱশেষত পত্নীৰ কামত বিৰক্ত হৈ গছত ফাঁচি লগাই আত্মহত্যা কৰে ৩৪ বছৰীয়া কুমাৰ নামৰ এই যুৱকজনে।

কুলি হিচাপে কাম কৰা কুমাৰে বৃহস্পতিবাৰে গছত ওলমি থকা অৱস্থাতে প্ৰত্যক্ষ কৰে আৰক্ষী বিষয়াই। অৱশ্যে সেই স্থানৰ পৰা কোনো ধৰণৰ ছুইছাইট নোট উদ্ধাৰ হোৱা নাই বুলি আৰক্ষীয়ে জানিবলৈ দিয়ে।

মৃতদেহটো মৰণোত্তৰ পৰীক্ষাৰ বাবে প্ৰেৰণ কৰা হৈছে বুলি উল্লেখ কৰি আৰক্ষীয়ে তদন্তৰ অন্ততহে ঘটনাৰ প্ৰকৃত ৰহস্য পোহৰলৈ আহিব বুলি কয়।

Leave A Reply

Your email address will not be published.