ISHAN NEWS – Always One Step Ahead of Time…

শিহৰণকাৰী পথ দুৰ্ঘটনা; ট্ৰাক-টেম্পোৰ খুন্দাত ৯ জনৰ মৃত্যু, কেইবাগৰাকীও আহত

0 2,948

বিহাৰৰ লক্ষীচৰাইত সংঘটিত হৈছে এক ভয়ংকৰ দুৰ্ঘটনা। এখন ট্ৰাক আৰু টেম্পোৰ মাজত হোৱা সংঘৰ্ষত ৯ জন লোকৰ মৃত্যু হোৱাৰ বিপৰীতে কেইবাগৰাকীও লোক গুৰুতৰভাৱে আহত হোৱাৰ খবৰ আহিছে।

লক্ষীচৰাইৰ ৩০ নং ৰাষ্ট্ৰীয় ঘাইপথত সংঘটিত হৈছে এই ভয়ংকৰ দুৰ্ঘটনাটো। প্ৰত্যক্ষদৰ্শীয়ে জনোৱা অনুসৰি, দুৰ্ঘটনাটো ইমানেই ভয়ংকৰ আছিল যে ট্ৰাকখনৰ খুন্দাত টেম্পোখন সম্পূৰ্ণৰূপে চূৰ্ণ বিচূৰ্ণ হৈ যায়।

জানিব পৰা মতে, যাত্ৰীবাহী টেম্পোখনত মুঠ ১৪ গৰাকী লোক আছিল আৰু ইয়াৰে ৮ গৰাকীৰ থিতাতে মৃত্যু হয়। আনহাতে হাস্পতালত মৃত্যু হয় আন এজন লোকৰ।

দুৰ্ঘটনাটোৰ খবৰ লাভ কৰাৰ লগে লগে ঘটনাস্থলত আৰক্ষীৰ লোক উপস্থিত হৈ উদ্ধাৰ কাৰ্য চলায়।

ইফালে গুৰুতৰভাৱে আহত হোৱা ৫ গৰাকী লোকক প্ৰথম অৱস্থাত লক্ষীচৰাই সদৰ হাস্পতালত ভৰ্তি কৰোৱা হৈছিল যদিও স্বাস্থ্যৰ অৱস্থা অৱনতি ঘটনাত তেওঁলোকক উন্নত চিকিৎসাৰ বাবে আন্য হাস্পতাললৈ প্ৰেৰণ কৰে।

দুৰ্ঘটনাটোত মৃত্যু হোৱা লোকসকলৰ ৮ গৰাকী মুংগেৰ জিলাৰ বাসিন্দা বুলি জানিব পৰা গৈছে। আনহাতে দুৰ্ঘটনাটোৰ প্ৰকৃত কাৰণ জানিবলৈ তদন্ত আৰম্ভ কৰিছে আৰক্ষীয়ে।

Leave A Reply

Your email address will not be published.