ISHAN NEWS – Always One Step Ahead of Time…

লোকসভা নিৰ্বাচনৰ পূৰ্বে ৰাজ্য সমূহলৈ নিৰ্বাচন আয়োগৰ গুৰুত্বপূৰ্ণ নিৰ্দেশনা

0 253

লোকসভা নিৰ্বাচনক লৈ দেশৰ প্ৰতিটো ৰাজনৈতিক দল সাজু হৈ উঠাৰ সময়তে দেশৰ নিৰ্বাচন আয়োগে জাৰি কৰিছে এক গুৰুত্বপূৰ্ণ নিৰ্দেশনা। চৰকাৰী বিষয়া-কৰ্মচাৰী সকলৰ বদলিক লৈ এই নিৰ্দেশনা জাৰি কৰিছে নিৰ্বাচন আয়োগে।

নিৰ্বাচন আয়োগে জাৰি কৰা নিৰ্দেশনাটো অনুসৰি, একেখন জিলাত তিনি বছৰতকৈ অধিক সময় কাৰ্যনিৰ্বাহ কৰি থকা বিষয়াসকলক বদলিৰ নিৰ্দেশ প্ৰদান কৰিছে।

দেশৰ প্ৰতিখন ৰাজ্য আৰু কেন্দ্ৰীয় শাসিত প্ৰদেশলৈ প্ৰেৰণ কৰা এই নিৰ্দেশনা অনুসৰি ৩ বছৰতকৈ অধিক সময় একে স্থানত কাৰ্যনিৰ্বাহ কৰি থকা কৰ্মচাৰীক শীঘ্ৰে বদলি কৰিব লাগিব। তদুপৰি একেটা লোকসভা সমষ্টিতো থাকিব নোৱাৰিব পুৰণি কৰ্মচাৰী।

উল্লেখ্য যে, অহা মাহৰ প্ৰথম সপ্তাহত নিৰ্বাচন আয়োগে লোকসভা নিৰ্বাচনৰ দিন ঘোষণা কৰাৰ সম্ভাৱনা আছে। নিৰ্বাচনৰ দিন ঘোষণা কৰাৰ পূৰ্বে প্ৰশাসনিক দিশটোত যাতে কোনো ধৰণৰ বেমেজালি ৰৈ নাযায় তাৰ বাবে আয়োগে এই জৰুৰী নিৰ্দেশনা জাৰি কৰিছে।

Leave A Reply

Your email address will not be published.