সাত মহলীয়া অট্টালিকাত ভয়ংকৰ অগ্নিকাণ্ড; প্ৰায় ৪৩ জন লোকৰ মৃত্যু
বৃহস্পতিবাৰে নিশা বাংলাদেশৰ ৰাজধানী ঢাকাৰ এটা সাত মহলীয়া অট্টালিকাত সংঘটিত ভয়ংকৰ অগ্নিকাণ্ডত প্ৰায় ৪৩ জন লোকৰ মৃত্যু হোৱাৰ লগতে কেইবাজনো লোক আহত হয়।
বাংলাদেশৰ স্বাস্থ্যমন্ত্ৰী সামন্ত লাল সেনে ঢাকা মেডিকেল কলেজ হাস্পতাল আৰু সমীপৰে বাৰ্ন হাস্পতাল পৰিদৰ্শন কৰি সংবাদ মাধ্যমক কয়, ‘এই অগ্নিকাণ্ডৰ ফলত এতিয়ালৈকে ৪৩ জন লোকৰ মৃত্যু হৈছে’।
মহানগৰীৰ মূল বাৰ্ন চিকিৎসালয়ত প্ৰায় ৪০ জন আহত লোক চিকিৎসাধীন হৈ আছে বুলিও স্বাস্থ্য মন্ত্ৰীগৰাকীয়ে জানিবলৈ দিয়ে।
অগ্নিনিৰ্বাপক বাহিনীৰ এগৰাকী বিষয়াই জনোৱা অনুসৰি, বৃহস্পতিবাৰে নিশা ৯:৫০ বজাত ঢাকাৰ বেইলী ৰোডৰ এখন জনপ্ৰিয় বিৰিয়ানী ৰেষ্টুৰেণ্টত অগ্নিকাণ্ড সংঘটিত হয়। অলপ সময়ৰ ভিতৰতে জুই দ্ৰুতগতিত ওপৰৰ মহলাবোৰলৈ বিয়পি পৰে আৰু যাৰ ফলত আৱদ্ধ হৈ পৰে বহু লোক।
তেওঁ লগতে কয় যে অগ্নিনিৰ্বাপক বাহিনীৰ লোকে দুঘণ্টা ধৰি কঠোৰ পৰিশ্ৰমৰ অন্তত জুই নিয়ন্ত্ৰণলৈ আনে। অগ্নিনিৰ্বাপক বাহিনীৰ এক বিবৃতিত কোৱা হৈছে যে তেওঁলোকে ৭৫ জন লোকক জীৱিত অৱস্থাত ৰেষ্টুৰেণ্টখনৰ পৰা উদ্ধাৰ কৰে।
উল্লেখ্য যে, কি কাৰণত এই অগ্নিকাণ্ড সংঘটিত হয় তাৰ কাৰণ জানিবলৈ আৰক্ষী-প্ৰশাসনে তদন্ত আৰম্ভ কৰিছে।