ISHAN NEWS – Always One Step Ahead of Time…

বিশ্ববিদ্যালয়ত নামাজ পঢ়াক লৈ ভয়ংকৰ পৰিস্থিতি; কেইবাজনো বিদেশী ছাত্ৰ আহত

0 283

আহমেদাবাদস্থিত গুজৰাট বিশ্ববিদ্যালয়ত একাংশ যুৱকে বিদেশী ছাত্ৰৰ এটা দলৰ ওপৰত ভয়ংকৰ আক্ৰমণ কৰাৰ গুৰুতৰ অভিযোগ উত্থাপন হৈছে। এই আক্ৰমণত আহত হোৱা ছাত্ৰসকল আফ্ৰিকা, আফগানিস্তান, শ্ৰীলংকা আৰু উজবেকিস্তানৰ বুলি জানিব পৰা গৈছে।

আহত ছাত্ৰ-ছাত্ৰীসকলে অভিযোগ উত্থাপন কৰিছে যে, বিশ্ববিদ্যালয়ত এদল যুৱকে তেওঁলোকক নামাজ নপঢ়িবলৈ হেঁচা প্ৰয়োগ কৰি মাৰপিটত লিপ্ত হৈছিল। ঘটনাত আহত ছাত্ৰসকলক চিকিৎসালয়ত ভৰ্তি কৰোৱা হৈছে।

জানিব পৰা মতে, বিশ্ববিদ্যালয় চৌহদত নামাজ পঢ়িবলৈ কোনো ঠাই নথকাৰ বাবে বিদেশী ছাত্ৰসকলে হোষ্টেলত একগোট হৈছিল। ইয়াৰ পিছতে একাংশ যুৱক আহি বিদেশী ছাত্ৰসকলৰ ওপৰত ভয়ংকৰ আক্ৰমণ কৰে।

আহত বিদেশী ছাত্ৰই অভিযোগ কৰা অনুসৰি, মছজিদৰ বিপৰীতে বিশ্ববিদ্যালয়ৰ হোষ্টেলত কিয় নামাজ পঢ়িছে বুলি প্ৰশ্ন কৰি লাঠী আৰু চুৰিৰে আক্ৰমণ কৰে দুৰ্বৃত্তৰ দলটোৱে। আক্ৰমণকাৰী দলটোৱে হোষ্টেলৰ কোঠাসমূহো ভাঙি লণ্ড-ভণ্ড কৰে।

অৱশ্যে হোষ্টেলৰ সুৰক্ষাৰ দায়িত্বত থকা নিৰাপত্তাৰক্ষীয়ে আক্ৰমণকাৰী দলটোক নিয়ন্ত্ৰণ কৰিবলৈ চেষ্টা চলাইছিল যদিও তেওঁলোক অসফল হয় বুলিও ভুক্তভোগী ছাত্ৰই জনায়।

আহত ছাত্ৰসকলৰ ভিতৰত আফগানিস্তান, শ্ৰীলংকা আৰু তুৰ্কেমেনিষ্টানৰ এজন-এজন আৰু আফ্ৰিকা দেশৰ দুজন। ঘটনা সংঘটিত হোৱাৰ প্ৰায় আধা ঘণ্টা পিছত ঘটনাস্থলত আৰক্ষী উপস্থিত হৈ আহত ছাত্ৰসকলক হাস্পতালত ভৰ্তি কৰোৱায়।

এই ঘটনা পোহৰলৈ অহাৰ পিছতে ৰাজ্যখনৰ গৃহমন্ত্ৰী হৰ্ষ সাংঘৱীয়ে প্ৰতিক্ৰিয়া প্ৰকাশ কৰি কয় যে, ঘটনা সন্দৰ্ভত শীৰ্ষ আৰক্ষী বিষয়াৰ সৈতে আলোচনা কৰা হৈছে আৰু তেওঁলোকক নিৰপেক্ষ তদন্তৰ নিৰ্দেশ প্ৰদান কৰা হৈছে।

ইফালে আৰক্ষীয়ে জানিব দিয়া অনুসৰি, ঘটনা সন্দৰ্ভত ২০-২৫ জন লোকৰ বিৰু্দ্ধে এজাহাৰ দাখিল কৰা হৈছে।

Leave A Reply

Your email address will not be published.