ৰাজস্থানৰ ৰাজধানী জয়পুৰৰ বিশ্বকৰ্মা অঞ্চলত সংঘটিত হৈছে এক ভয়ংকৰ অগ্নিকাণ্ডৰ ঘটনা। অঞ্চলটোৰ এটা ঘৰত সংঘটিত হোৱা অগ্নিকাণ্ডত ৫ গৰাকী লোক জীৱন্তে অগ্নিদগ্ধ হৈ মৃত্যুমুখত পৰে।
জানিব পৰা মতে, বিশ্বকৰ্মাৰ জয়সাল্য গাঁৱত সংঘটিত এই অগ্নিকাণ্ডটোত তিনিগৰাকী শিশুসহ পৰিয়ালৰ আটাই কেইজন সদস্যৰে মৃত্যু হয়। অগ্নিকাণ্ডৰ প্ৰকৃত কাৰণ এতিয়ালৈকে জানিব পৰা হোৱা নাই।
এই ঘটনাত মৃত্যু হোৱা আটাইকেইজন লোক বিহাৰৰ বুলি জানিব দিয়ে স্থানীয় প্ৰশাসনে। ঘটনা সংঘটিত হোৱাৰ পিছতে আৰক্ষীৰ লগতে প্ৰশাসনৰ লোক ঘটনাস্থলত উপস্থিত হৈ তদন্ত আৰম্ভ কৰিছে।
উল্লেখ্য যে, জয়সাল্য গাঁৱত মধুবনী বিহাৰৰ এটা পৰিয়াল দীৰ্ঘদিনৰ পৰা ভাৰাতীয়া হিচাপে বসবাস কৰি আছিল। বুধবাৰে নিশা পৰিয়ালটোৱে শুই থকা অৱস্থাত অগ্নিকাণ্ডৰ সূত্ৰপাত ঘটে। নিমিষতে জুইৰ লিলিহান শিখাই ঘৰটো আৱৰি ধৰাত পৰিয়ালটোৰ লোকসকল ওলাই আহিব নোৱাৰিলে।
সমীপৰ লোকসকলৰ খবৰৰ ভিত্তিত লগে লগে ঘটনাস্থলত অগ্নিনিৰ্বাপক বাহিনীৰ লোক উপস্থিত হয় যদিও তেতিয়ালৈকে আটাইকেইজন লোকেই জীৱন্তে অগ্নিদগ্ধ হৈ মৃত্যুমুখত পৰে।