অৰবিন্দ কেজৰিৱালক গ্ৰেপ্তাৰ, প্ৰতিবাদত উত্তাল ৰাজ্য।
দিল্লীৰ মুখ্যমন্ত্ৰী অৰবিন্দ কেজৰিৱালক গ্ৰেপ্তাৰৰ পাছতেই প্ৰতিবাদমুখৰ হৈ পৰিছে দেশৰ বিভিন্ন প্ৰান্ত। অসমৰো বিভিন্ন প্ৰান্তত আম আদমী পাৰ্টীৰ প্ৰতিবাদত উত্তপ্ত হৈ পৰিছে পৰিস্থিতি ।
মঙলদৈ, গুৱাহাটীৰ মঠঘৰীয়াত আম আদমী পাৰ্টি, ৰাইজৰ দলৰ প্ৰতিবাদী কাৰ্যসূচী। জাঙুৰ খাই উঠিছে আপ, দল সংগঠন। যাৰ বাবে অসমৰ বিভিন্ন প্ৰান্তত আৰম্ভ হৈছে প্ৰতিবাদ । বিজেপিয়ে গণতন্ত্ৰক হত্যা কৰিছে বুলি অভিহিত কৰিছে প্ৰতিবাদকাৰীয়ে। দিল্লীতো আপৰ প্ৰতিবাদত উত্তপ্ত পৰিস্থিতি।
আৰক্ষীয়ে আটক কৰিছে আপৰ নেত্ৰী তথা মন্ত্ৰী আতিশী মাৰ্লেনা, সৌৰভ ভৰদ্বাজক। তদন্তকাৰী সংস্থাক বিজেপিয়ে ৰাজনৈতিকভাৱে ব্যৱহাৰ কৰাৰ অভিযোগ ৰাইজৰ দলৰ। মুখ্যমন্ত্ৰীগৰাকীক ED-এ গ্ৰেপ্তাৰ কৰাৰ পাছতেই সমালোচিত হৈছে কেন্দ্ৰীয় চৰকাৰ। বিভিন্নজনে কৈছে যে-কেজৰিৱালৰ জনপ্ৰিয়তা দেখি থৰহৰি কম্পমান হৈছে বিজেপি।
যাৰ বাবে লোকসভা নিৰ্বাচনৰ প্ৰাকক্ষণত এনেদৰে দিল্লীৰ মুখ্যমন্ত্ৰীগৰাকীক গ্ৰেপ্তাৰ কৰিছে। এফালে এটা কথা সকলোৰে জ্ঞাত যে সুৰা নীতি কেলেংকাৰী সন্দৰ্ভত কেজৰিৱাললৈ কেইবাবাৰো গৈছিল ED-ৰ চমন। কিন্তু ED-ৰ চমনক প্ৰত্যাহ্বান জনাইছিল কেজৰিৱালে। আনহাতে একেটা গোচৰ সন্দৰ্ভত দিল্লীৰ উপ-মুখ্যমন্ত্ৰী মনিষ চিছ’দিয়া বৰ্তমান কাৰাগাৰত আৱদ্ধ হৈ আছে ।