ISHAN NEWS – Always One Step Ahead of Time…

প্ৰতি ঘৰ মানুহৰে একোখনকৈ উৰাজাহাজ থকা এখন গাঁও, ক’ত আছে এইখন গাঁও?

0 8,406

উৰাজাহাজত উঠি প্ৰথমবাৰ ভ্ৰমণ কৰাৰ কথা আপোনাৰ বাৰু মনত আছেনে? উৰাজাহাজত উঠি এবাৰ কোনো ঠাইলৈ ফুৰিবলৈ যোৱাৰ সকলোৰে হেঁপাহ থাকে। আজি কালি এয়া সহজ হৈ উঠিছে।

কিন্তু আপুনি কেতিয়াবা এখন উৰাজাহাজ কিনাৰ কথা কল্পনা কৰিছে নেকি? সপোনৰ অগোচৰ যেন লাগিলেও এখন বিশেষ গাঁও আছে, যিখন গাঁৱৰ প্ৰত্যেকঘৰ মানুহৰে আছে একোখনকৈ ব্যক্তিগত উৰাজাহাজ। গাঁওখনৰ মানুহে উৰাজাহাজেৰেই কৰে বজাৰ-সমাৰ, দৈনন্দিন কাম-কাজ।

শুনিবলৈ আচৰিত যেণ লাগিলেও এয়া সঁচা। এই অদ্ভুত গাঁওখন আছে আমেৰিকাৰ কেলিফ’ৰ্ণিয়াত। গাঁওখনৰ প্ৰত্যেক ঘৰৰ পদূলিয়ে পদূলিয়ে আছে উৰাজাহাজ।

গাঁওখনত থকা ডেৱাল, হ’ৰ্ডিং আদি চাপৰকৈ নিৰ্মাণ কৰা হৈছে যাতে ওচৰৰ বিমান বন্দৰলৈ উৰাজাহাজবোৰ লৈ যাব পাৰে। উৰাজাহাজৰ নামেৰেই জনপ্ৰিয় গাঁওখনৰ বাট-পথসমূহৰ নাম। আমেৰিকাত অৱস্থিত এই গাঁওখনৰ নাম ‘কেমেৰন এয়াৰপাৰ্ক’।

দৰাচলতে উৰাজাহাজ চলাবলৈ অনুমতি দিয়া নহয় যদিহে এজন ব্যক্তিৰ উৰাজাহাজ চলোৱাৰ সাধাৰণ জ্ঞান নাথাকে। কিন্তু এই গাঁওখনৰ বেছিভাগ লোকেই অৱসৰপ্ৰাপ্ত পাইলট। দ্বিতীয় বিশ্বযুদ্ধৰ সময়ত আমেৰিকাত ৪লাখ পাইলটক নিযুক্তি দিয়া হৈছিল। সেয়েহে ইয়াৰ অধিক সংখ্যক লোকেই চলাব পাৰে উৰাজাহাজ।

১৯৬৩ চনত নিৰ্মাণ কৰা ‘কেমেৰন এয়াৰপাৰ্ক’ গাঁওখনত আছে ১২৪ টা ঘৰ, ৫,০০০ বাসিন্দা আৰু বিমান আছে ৬৫০ খন। 

এই গাঁৱৰ প্ৰত্যেকজন নাগৰিকে উৰাজাহাজ অনুৰাগী। আমেৰিকাৰ এইখন গাঁৱতেই আছে সৰ্বাধিক বিমান ঘাটি।

Leave A Reply

Your email address will not be published.