ISHAN NEWS – Always One Step Ahead of Time…

টিকটৰ পৰা বঞ্চিত তিনিবাৰৰ সাংসদে নিজৰ লগত কৰিলে ভয়ংকৰ কাণ্ড

0 317

টিকটৰ পৰা বঞ্চিত হোৱাৰ পিছত বহু নেতাই দল ত্যাগ কৰি আন দলত যোগদান কৰা পৰিলক্ষিত হয়। কিন্তু তামিলনাডুত টিকট বঞ্চিত এগৰাকী সাংসদে ল’লে চৰম সিদ্ধান্ত। পাঁচদিন ধৰি চিকিৎসাধীন হৈ থকা ডি এম কেৰ সাংসদ এ গণেশমূৰ্তিয়ে আজি পুৱা হাস্পতালত শেষ নিশ্বাস ত্যাগ কৰে।

২৪ মাৰ্চত সাংসদগৰাকীয়ে নিজ আৱাসগৃহত আত্মহত্যাৰ প্ৰচেষ্টা কৰিছিল আৰু তাৰ পিছতেই তেওঁক ভৰ্তি কৰোৱা হৈছিল হাস্পতালত। লোকসভা নিৰ্বাচনত দলে প্ৰাৰ্থিত্ব প্ৰদান নকৰাৰ বাবেই তেওঁ হতাশগ্ৰস্ত হৈ পৰিছিল বুলি জনাই পৰিয়ালৰ লোকে।

১৯৪৭ চনৰ ১০ জুনত জন্মগ্ৰহণ কৰিছিল অবিনাশী গণেশমূৰ্তিৰ। তেওঁ তামিলনাডুৰ ডি এম কেৰ নেতা আছিল। তেওঁ নিম্ন সদন তথা লোকসভালৈ তিনিবাৰকৈ নিৰ্বাচিত হৈছিল। ২০০৯ আৰু ২০১৯ চনত তেওঁ ইৰোড সমষ্টিৰ পৰা ১৯৯৮ চনত পলানী সমষ্টিৰ পৰা নিৰ্বাচিত হৈছিল।

ইৰোড লোকসভাৰ আসনৰ পৰা বৰ্তমানৰ সাংসদ গণেশমূৰ্তিয়ে যোৱা ২৪ মাৰ্চত বিহপান কৰি আত্মহত্যাৰ চেষ্টা কৰিছিল। অৱস্থা বেয়া হোৱাত পৰিয়ালৰ লোকে লগে লগে তেওঁক চিকিৎসালয়লৈ লৈ যোৱা হয়। কিন্তু আজি ৰাতিপুৱা ৫ বজাত তেওঁৰ মৃত্যু হয়। সাংসদ গণেশমূৰ্তিৰ বয়স আছিল ৭৭ বছৰ।

Leave A Reply

Your email address will not be published.