ISHAN NEWS – Always One Step Ahead of Time…

ৰেচন কাৰ্ডৰ চাউলৰ দৰে বিনামূলীয়াকৈ দৰিদ্ৰ লোকে লাভ কৰিব সুৰা! লোকসভা নিৰ্বাচনৰ প্ৰাৰ্থীৰ প্ৰতিশ্ৰুতি

0 163

ৰেচন কাৰ্ডৰ চাউলৰ দৰে বিনামূলীয়াকৈ লাভ কৰিব সুৰা! লোকসভা নিৰ্বাচনৰ এগৰাকী প্ৰাৰ্থীয়ে দিছে এই প্ৰতিশ্ৰুতি। শিক্ষা, স্বাস্থ্য, বাসস্থানৰ পৰিৱৰ্তে প্ৰাৰ্থীগৰাকীয়ে গুৰুত্ব আৰোপ কৰিছে সুৰাত। দৰিদ্ৰ লোকসকলেও যাতে বিলাতী সুৰাৰ সোৱাদ লব পাৰে তাৰ ব্যৱস্থা কৰি দিয়াৰ ঘোষণা প্ৰাৰ্থীগৰাকীৰ।

মহাৰাষ্ট্ৰৰ চন্দ্ৰচূড় লোকসভা সমষ্টিৰ বাবে নিৰ্বাচনৰ প্ৰাৰ্থী বনিতা ৰাউট নামৰ প্ৰাৰ্থীগৰাকীয়ে দিছে এই ব্যতিক্ৰমী প্ৰতিশ্ৰুতি। য’ত গাঁও তাতেই বিয়েৰৰ বাৰ- এই শ্লোগানেৰে নিৰ্বাচনী প্ৰচাৰত নামিছে বনিতা ৰাউট। সমষ্টিটোৰ গাঁৱে গাঁৱে বিয়েৰ বাৰ খোলাৰ লগতে দৰিদ্ৰ লোকে যাতে ৰাজসাহায্যযুক্ত বিলাতী সুৰাৰ সোৱাদ লব পাৰে তাৰ ব্যৱস্থা কৰা হব তেওঁ প্ৰকাশ কৰিছে। সাংসদ পুঁজিৰ ধনেৰে বিদেশৰ পৰা আমদানিকৃত সুৰাৰ বাৰ খোলাৰ প্ৰতিশ্ৰুতি দিছে তেওঁ। অৱশ্যে এইক্ষেত্ৰত সুৰা বিক্ৰেতা আৰু গ্ৰাহকৰ অনুজ্ঞাপত্ৰ থাকিব লাগিব।  

উল্লেখ্যে অখিল ভাৰতীয় মানৱতা পাৰ্টিৰ প্ৰাৰ্থী বনিতা ৰাউটে ২০১৯ চনৰ লোকসভা নিৰ্বাচনত নাগপুৰৰ পৰা আৰু বিধানসভা নিৰ্বাচনত চিমুৰৰ পৰা প্ৰাৰ্থিত্ব আগবঢ়াইছিল। প্ৰতিবাৰৰ নিৰ্বাচনতে তেওঁৰ এজেণ্ডা আছিল ‘দুখীয়া লোকৰ বাবে ফ্ৰী সুৰা’। পূৰ্বে ফ্ৰী সুৰাৰ প্ৰতিশ্ৰুতি দি অৱশ্যে ৰইজৰ মন জয় কৰিব নোৱাৰিলে বনিতাই।  ২০১৯ চনৰ দুয়োটা নিৰ্বাচনত পৰাস্ত হয় তেওঁ। ফ্ৰী সুৰাৰ প্ৰতিশ্ৰুতি লৈ পুনৰ নিৰ্বাচনত অৱতীৰ্ণ হোৱা বনিতা ৰাউটে এইবাৰ ভোটাৰৰ মন মুহিব পাৰে নে নোৱাৰে সেয়া নিৰ্বাচনৰ ফলাফল ঘোষণাৰ পাছতহে স্পষ্ট হব।

Leave A Reply

Your email address will not be published.