ISHAN NEWS – Always One Step Ahead of Time…

ব্যতিক্ৰমী প্ৰচাৰ; চেণ্ডেলৰ মালা পিন্ধি ভোট ভিক্ষা এগৰাকী প্ৰাৰ্থীৰ

0 157

লোকসভা নিৰ্বাচনৰ দিন চমু চাপি অহাৰ লগে লগে প্ৰচাৰ অভিযানত ব্যস্ত হৈ পৰিছে প্ৰতিটো ৰাজনৈতিক দল। ভোটাৰ ৰাইজক আকৃষ্ট কৰিবলৈ শাসক-বিৰোধীৰ লগতে নিৰ্দলীয় প্ৰাৰ্থীসকলে অৱলম্বন কৰিছে ব্যতিক্ৰমী প্ৰচাৰ।

প্ৰতিবাৰৰ দৰে এইবাৰো দেশৰ বিভিন্ন প্ৰান্তত প্ৰাৰ্থীসকলে বিজয়ী হ’বলৈ অৱলম্বন কৰিছে বিভিন্ন পন্থা। কিন্তু উত্তৰ প্ৰদেশৰ আলীগড় লোকসভা সমষ্টিৰ এগৰাকী প্ৰাৰ্থীয়ে বিশেষ দৃষ্টি কাঢ়িছে ভোটাৰৰ লগতে সংবাদ মাধ্যমৰ।

নিৰ্দলীয়ৰূপে নিৰ্বাচনত অৱতীৰ্ণ হোৱা পণ্ডিত কেশৱ দেৱ নামৰ প্ৰাৰ্থীগৰাকীয়ে চেণ্ডেলৰ মালা পিন্ধি চলাই আছে প্ৰচাৰ। নিৰ্বাচন আয়োগৰ তৰফৰ পৰা পণ্ডিত কেশৱ দেৱক নিৰ্বাচনী প্ৰতীক হিচাপে আগবঢ়োৱা হৈছে চেণ্ডেল। সেয়ে প্ৰাৰ্থীগৰাকীয়ে চেণ্ডেলৰ মালা পিন্ধি নিৰ্বাচনী প্ৰচাৰ চলাই আছে আৰু জনসাধৰণৰ পৰা ভোট বিচাৰিছে।

উল্লেখ্য যে আলীগড় লোকসভা সমষ্টিত মুঠ ১৪ গৰাকী প্ৰাৰ্থীৰ মাজত হ’ব নিৰ্বাচনী যুঁজ। মুঠ ২১ গৰাকী প্ৰাৰ্থীয়ে মনোনয়ন দাখিল কৰিছিল। ইয়াৰে ৫ জনৰ মনোনয়ন বাতিল হোৱাৰ বিপৰীতে দুজনে মনোনয়ন প্ৰত্যাহাৰ কৰিছিল।

১৯৯১ চনৰ পৰা বিজেপিৰ দখলত থকা আলীগড় সমষ্টিত এইবাৰৰ মূল যুঁজখন বিজেপিৰ সতীশ কুমাৰ গৌতম আৰু সমাজবাদী পাৰ্টীৰ বিজেন্দ্ৰ সিঙৰ মাজত হ’ব বুলি ৰাজনৈতিক বিশ্লেষকসকলে অনুমান কৰিছে।   

Leave A Reply

Your email address will not be published.