ISHAN NEWS – Always One Step Ahead of Time…

উচ্চতম ন্যায়ালয়ত পুনৰবাৰ মুখ থেকেচা ৰামদেৱৰ; দিব লাগিব সেৱা কৰ

0 80

উচ্চতম ন্যায়ালয়ত পুনৰবাৰ মুখ থেকেচা যোগগুৰু বাবা ৰামদেৱৰ। এতিয়াৰ পৰা ৰামদেৱৰ দ্বাৰা আয়োজিত যোগ শিবিৰসমূহ সেৱা কৰৰ আওতালৈ আহিছে। অৰ্থাত যোগ শিবিৰৰ বাবে দিব লাগিব সেৱা কৰ।

ন্যায়াধীশ অভয় এম ওক আৰু ন্যায়াধীশ উজ্জ্বল ভূঞাৰে গঠিত উচ্চতম ন্যায়ালয়ৰ বিচাৰপীঠে এই সন্দৰ্ভত সেৱা কৰ আপীল ন্যায়াধিকৰণৰ সিদ্ধান্তক সমৰ্থন জনাইছে।

সেৱা কৰ আপীল ন্যায়াধিকৰণে নিজৰ সিদ্ধান্তত আৱাসিক আৰু অনাবাসী দুয়োটা যোগ শিবিৰ আয়োজন কৰাৰ বাবে পতঞ্জলি যোগপীঠ ট্ৰাষ্টৰ বাবে সেৱা কৰ পৰিশোধ কৰাটো বাধ্যতামূলক কৰিছিল।

উল্লেখ্য যে মেৰাঠ ৰেঞ্জৰ শুল্ক আৰু কেন্দ্ৰীয় আবকাৰী আয়ুক্তই পতঞ্জলি যোগপীঠ ট্ৰাষ্টক ২০০৬ চনৰ অক্টোবৰৰ পৰা ২০১১ চনৰ মাৰ্চ মাহৰ ভিতৰত জাৰি কৰা এনে শিবিৰৰ বাবে জৰিমনা আৰু সুতকে ধৰি প্ৰায় ৪.৫ কোটি টকা দিবলৈ কৈছিল।

ৰামদেৱে ইয়াৰ যুক্তিত কৈছিল যে তেওঁ এনে সেৱা আগবঢ়াইছে যিবোৰ ৰোগৰ চিকিৎসাৰ বাবে আৰু ই ‘স্বাস্থ্য আৰু ফিটনেছ চাৰ্ফিটনেছ সেৱা’ শ্ৰেণীৰ অধীনত কৰযোগ্য নহয়।

উল্লেখ্য যে, পতঞ্জলি যোগপীঠ ট্ৰাষ্টে স্বামী ৰামদেৱৰ যোগ শিবিৰৰ বাবে প্ৰৱেশ মাচুল লয়। সেয়ে ন্যায়াধীশ অক আৰু ন্যায়াধীশ ভূঞাৰ বিচাৰপীঠে নিজৰ সিদ্ধান্তত কয়, ‘সেৱা কৰ আপীল ন্যায়াধিকৰণে ঠিকেই কৈছে। প্ৰৱেশ মাচুল লোৱাৰ পিছত শিবিৰসমূহত যোগাসন হৈ পৰে এক সেৱা। ন্যায়াধিকৰণৰ আদেশত হস্তক্ষেপ কৰাৰ কোনো কাৰণ আমি দেখা নাই। গতিকে পতঞ্জলি যোগপীঠ ট্ৰাষ্টৰ আবেদন নাকচ কৰা হৈছে।‘

ইয়াৰ লগতে শুল্ক, আবকাৰী আৰু সেৱা কৰ আপীল ন্যায়াধিকৰণ (CESTAT)ৰ এলাহাবাদ বিচাৰপীঠে ২০২৩ চনৰ ৫ অক্টোবৰ তাৰিখে দিয়া আদেশত আদালতে হস্তক্ষেপ কৰিবলৈ অস্বীকাৰ কৰে।

Leave A Reply

Your email address will not be published.