ISHAN NEWS – Always One Step Ahead of Time…

দ্বিতীয় পৰ্যায়ৰ ভোটগ্ৰহণৰ বাবে অসমৰ এইসমূহ অঞ্চলত ড্ৰাই ডে’ ঘোষণা

0 191

২৬ এপ্ৰিলত অনুষ্ঠিত হ’বলগীয়া লোকসভা নিৰ্বাচনৰ দ্বিতীয় পৰ্যায়ৰ ভোটগ্ৰহণৰ প্ৰতি লক্ষ্য ৰাখি অসমৰ পাঁচটা সমষ্টিৰ অন্তৰ্গত অঞ্চলত ড্ৰাই ডে’ ঘোষণা কৰিছে।

২৪ এপ্ৰিলৰ বিয়লি ৫ বজাৰ পৰা ২৬ এপ্ৰিলৰ ৫ বজালৈকে এই পাঁচটা সমষ্টিৰ অন্তৰ্গত অঞ্চল সমূহত ড্ৰাই ডে’ ঘোষণা কৰিছে।

বিভাগীয় বিজ্ঞপ্তি অনুসৰি, দৰং-ওদালগুৰি, ডিফু, কৰিমগঞ্জ, শিলচৰ আৰু নগাঁও লোকসভা সমষ্টিৰ অন্তৰ্গত অঞ্চলত বৈধ তথা অবৈধভাৱে সুৰা বিক্ৰীত কঠোৰ নিষেধাজ্ঞা আৰোপ কৰা হৈছে।

২৬ এপ্ৰিলত অনুষ্ঠিত হ’বলগীয়া ভোটগ্ৰহণৰ বাবে এই সিদ্ধান্ত গ্ৰহণ কৰা হৈছে বুলি নিৰ্বাচন আয়োগে জনায়। তদুপৰি ৪ জুন অৰ্থাত ভোট গণনাৰ দিনাও ৰাজ্যত ড্ৰাই ডে’ প্ৰযোজ্য থাকিব বুলি জনাই নিৰ্বাচন আয়োগে।

নিৰ্দেশনা অনুসৰি, এই সমূহ অঞ্চলত সকলোধৰণৰ নিচাযুক্ত সামগ্রী, দেশী- বিদেশী সুৰা আৰু ব্যৱসায়িকভাৱে প্রস্তুত কৰা নিচাযুক্ত সুৰাৰ বিক্ৰী, সৰবৰাহ, বিতৰণ আৰু সেৱন সম্পূর্ণৰূপে নিষিদ্ধ ঘোষণা কৰিছে।

ইয়াৰ উপৰি ব’ণ্ডেড ৱেৰ হাউচ, আই এম এফ এল খুচুৰা অফ অন সুৰাৰ দোকান, ক্লাব আদিকে ধৰি সকলো দেশী-বিদেশী সুৰাৰ বিপণি বন্ধ ৰখাৰ নির্দেশনা জাৰি কৰা হৈছে।

উল্লেখ্য যে, অহা ২৬ এপ্ৰিলত দৰং-ওদালগুৰি, ডিফু, কৰিমগঞ্জ, শিলচৰ আৰু নগাঁও লোকসভা সমষ্টিত দ্বিতীয় পৰ্যায়ৰ ভোটগ্ৰহণ অনুষ্ঠিত হ’ব। 

Leave A Reply

Your email address will not be published.