ISHAN NEWS – Always One Step Ahead of Time…

আন এক কঠোৰ সিদ্ধান্ত ৰিজাৰ্ভ বেংকৰ; কোটক মহিন্দ্ৰা বেংকৰ ক্ৰেডিট কাৰ্ডত নিষেধাজ্ঞা

0 75

ভাৰতীয় ৰিজাৰ্ভ বেংকে পেটিএম পেমেণ্টছ বেংক (Paytm Payments Bank) নিষিদ্ধ কৰাৰ পিছত এইবাৰ কোটক মহিন্দ্ৰা বেংকৰ বিৰুদ্ধে কঠোৰ পদক্ষেপ গ্ৰহণ কৰিছে।

কোটক মহিন্দ্ৰা বেংকক অনলাইন বা মোবাইল বেংকিং চেনেলৰ জৰিয়তে নতুন গ্ৰাহক যোগ কৰাত নিষেধাজ্ঞা আৰোপ কৰিছে কেন্দ্ৰীয় বেংকে। ইয়াৰ উপৰি নতুন ক্ৰেডিট কাৰ্ড প্ৰদানতো নিষেধাজ্ঞা আৰোপ কৰাৰ সিদ্ধান্ত লোৱা হৈছে।

আৰ বি আইৰ মতে, “বেংকটোৱে ক্ৰেডিট কাৰ্ডৰ গ্ৰাহককে ধৰি বৰ্তমানৰ গ্ৰাহকক সেৱা আগবঢ়াই যাব পাৰিব।” বৰ্তমানৰ কোটক মহিন্দ্ৰা বেংকৰ গ্ৰাহকে অনলাইন আৰু অফলাইন দুয়োটা মোডতে কোনো ধৰণৰ বাধা নোহোৱাকৈ নিজৰ ক্ৰেডিট কাৰ্ড ব্যৱহাৰ কৰি থাকিব পাৰিব আৰু আন সকলো লেনদেন কৰিব পাৰিব।

অৱশ্যে আৰ বি আইৰ শেহতীয়া এই সিদ্ধান্তৰ ফলত বেংকটোৰ ওপৰত যথেষ্ট প্ৰভাৱ পৰিব কাৰণ বেছিভাগ অনবৰ্ডিং অনলাইন আৰু মোবাইল বেংকিং চেনেলৰ জৰিয়তে হয়। নতুন ক্ৰেডিট কাৰ্ড প্ৰদান তৎক্ষণাত বন্ধ কৰাৰ নিৰ্দেশে ক্ৰেডিট কাৰ্ডৰ ওপৰত বেংকৰ বহু কো-ব্ৰেণ্ড চুক্তিৰ গুৰুতৰ ক্ষতিও কৰিব পাৰে।

কোটক মহিন্দ্ৰা বেংকত এই নিষেধাজ্ঞা আৰোপ কৰাৰ কাৰণ ব্যাখ্যা কৰি আৰ বি আইয়ে কয় যে ২০২২ চনৰ পৰা ২০২৩ চনৰ ভিতৰত পৰ্যাপ্ত তথ্য-প্ৰযুক্তিৰ আন্তঃগাঁথনিৰ অভাৱ সন্দৰ্ভত বেংকটোক উদ্বেগ প্ৰকাশ কৰিছিল যদিও বেংকে এই অভাৱসমূহ দূৰ কৰাত ব্যৰ্থ হৈছে।

বেংকিং ৰেগুলেচন এক্ট ১৯৪৯ৰ ধাৰা ৩৫এৰ অধীনত ক্ষমতা ব্যৱহাৰ কৰি কোটক মহিন্দ্ৰা বেংকৰ বিৰুদ্ধে আৰ বি আইয়ে এই ব্যৱস্থা গ্ৰহণ কৰিছে। অৱশ্যে যিসকল ইতিমধ্যে এই বেংকৰ গ্ৰাহক হৈ আছে তেওঁলোকে সকলো একেধৰণৰ সেৱা লাভ কৰি যাব।

Leave A Reply

Your email address will not be published.