ISHAN NEWS – Always One Step Ahead of Time…

আদানীৰ ৬ টা সংস্থালৈ SEBIৰ কাৰণ দৰ্শোৱাৰ জাননী; শ্বেয়াৰত খহনীয়া!

0 98

নিউয়ৰ্কৰ হিণ্ডেনবাৰ্গ ৰিচাৰ্ছৰ প্ৰতিবেদনৰ প্ৰভাৱ এতিয়াও আছে আদানী গ্ৰুপৰ ওপৰত। ছিকিউৰিটিজ এণ্ড এক্সচেঞ্জ ব’ৰ্ড অফ ইণ্ডিয়া চমুকৈ ছেবিয়ে একাধিক অভিযোগৰ সন্দৰ্ভত আদানী গ্ৰুপৰ ৬টা সংস্থালৈ জাননী প্ৰেৰণ কৰিছে।

এই জাননীসমূহৰ ভিতৰত আদানী এণ্টাৰপ্ৰাইজ সম্পৰ্কীয় দুখন জাননী। অৱশ্যে এই জাননীসমূহৰ বিষয়ে কোম্পানীয়ে নিজেই ৰাজহুৱা কৰিছে।

লেনদেনত অস্পষ্টতাৰ পৰা আৰম্ভ কৰি ছেবিৰ বিভিন্ন নীতি-নিয়ম উলংঘা কৰাৰ অভিযোগত ছেবিয়ে এই জাননী প্ৰেৰণ কৰিছে। ইয়াৰ উপৰি নিৰীক্ষকৰ প্ৰমাণ পত্ৰৰ বৈধতা সন্দৰ্ভতো প্ৰশ্ন উত্থাপন কৰিছে।

এই জাননীৰ পিছতে শুকুৰবাৰে আদানী গ্ৰুপৰ বহু কোম্পানীৰ শ্বেয়াৰ হ্ৰাস পোৱা পৰিলক্ষিত হৈছে।

এই জাননী লাভ কৰা আদানি গ্ৰুপৰ কোম্পানীসমূহৰ ভিতৰত আছে আদানি এণ্টাৰপ্ৰাইজ, আদানী প’ৰ্টছ এণ্ড স্পেচিয়েল ইকনমিক জ’ন, আদানী পাৱাৰ, আদানী এনাৰ্জি ছলিউচন, আদানী উইলমাৰ আৰু আদানী টোটেল গেছ।

অৱশ্যে কোম্পানীটোৱে নিজেই জনাইছে যে ২০২৪ চনৰ ৩১ মাৰ্চত সমাপ্ত হোৱা প্ৰথম ত্ৰৈমাসিকৰ ভিত্তিত আদানী এণ্টাৰপ্ৰাইজে ছেবিৰ পৰা দুখন কাৰণ দৰ্শোৱাৰ জাননী লাভ কৰিছে। আমেৰিকাৰ শ্বৰ্ট চেলিং প্ৰতিষ্ঠান হিণ্ডেনবাৰ্গ ৰিচাৰ্চে আদানী গ্ৰুপৰ বিৰুদ্ধে উত্থাপন কৰা অভিযোগ সন্দৰ্ভত ছেবিয়ে কৰা তদন্তৰ পিছত এই জাননীসমূহ জাৰি কৰা হৈছে।

এই জাননী জাৰি কৰি ছেবিয়ে এই কোম্পানীসমূহক প্ৰশ্ন কৰিছে যে তেওঁলোকৰ বিৰুদ্ধে আৰ্থিক আৰু আইনী ব্যৱস্থা কিয় ল’ব নালাগে?

উল্লেখ্য যে, অবৈধ ব্যৱসায়, কৃত্ৰিমভাৱে শ্বেয়াৰৰ মূল্য বৃদ্ধি কৰাৰ উপৰি ৬টা কোম্পানীয়ে ছেবিৰ বিভিন্ন নীতি-নিয়ম উলংঘা কৰাৰ অভিযোগত কাৰণ দৰ্শোৱাৰ জাননী প্ৰেৰণ কৰিছে।

Leave A Reply

Your email address will not be published.