ISHAN NEWS – Always One Step Ahead of Time…

নিৰাপত্তাৰক্ষীৰ বৃহৎ সফলতা; শীৰ্ষ নেতাসহ ৬ জন মাওবাদীৰ মৃত্যুৰ খবৰ

0 95

শুকুৰবাৰে পুৱা ছত্তীশগড়ৰ বিজাপুৰৰ পীড়িয়া বনাঞ্চলত নিৰাপত্তা বাহিনী আৰু মাওবাদীৰ মাজত সংঘটিত হোৱা ভয়াৱহ সংঘৰ্ষত ৬ জন মাওবাদী নিহত হোৱাৰ বাতৰি পোৱা গৈছে। বনাঞ্চলত আত্মগোপন কৰি থকা মাওবাদীৰ কেইবাগৰাকীও শীৰ্ষ নেতাক ঘেৰাও কৰি ৰাখিছে নিৰাপত্তাবাহিনীয়ে।

এতিয়াও দুয়োপক্ষৰ মাজত এনকাউণ্টাৰ চলি আছে বুলি জানিব পৰা গৈছে।

লাভ কৰা তথ্য অনুসৰি, গংগালুৰ থানা এলেকাৰ পীড়িয়া অঞ্চলৰ বনাঞ্চলত শীৰ্ষ মাওবাদী নেতা কমাণ্ডাৰ লিংগা, পাপাৰাও আৰু আন আন নেতাৰ উপস্থিতিৰ তথ্য লাভ কৰিছিল নিৰাপত্তাৰক্ষীয়ে।

এই তথ্যৰ পাছতে চুবুৰীয়া জিলা দন্তেৱাড়া, সুকমা আৰু বিজাপুৰৰ এছ টি এফ, ডি আৰ জি, চি আৰ পি এফ আৰু কোব্ৰা বেটেলিয়নৰ ১২০০ জোৱানে যৌথ অভিযান চলায়। এই অভিযানতেই শুকুৰবাৰে পুৱা ছয়জন মাওবাদী নিহত হয়।

উল্লেখ্য যে, এই অভিযানৰ ঠিক ১০ দিন পূৰ্বে অৰ্থাত ৩০ এপ্ৰিলত নাৰায়ণপুৰ এনকাউণ্টাৰত বাষ্টাৰ আৰক্ষীয়ে ডাঙৰ সফলতা লাভ কৰিছিল। নক্সাল আৰু নিৰাপত্তাৰক্ষীৰ মাজত প্ৰায় ৯ ঘণ্টা ধৰি চলা এনকাউণ্টাৰৰ অন্তত ১০ জন মাওবাদী নিহত হৈছিল। নিহত সকলৰ ভিতৰত আছিল ৩গৰাকী মহিলা আৰু ৭গৰাকী পুৰুষ মাওবাদী।

Leave A Reply

Your email address will not be published.