ISHAN NEWS – Always One Step Ahead of Time…

চাহ-কফি শৰীৰৰ বাবে কিমান উপকাৰী? জানি লওক ICMRৰ শীৰ্ষ চিকিৎসা বিশেষজ্ঞৰ পৰামৰ্শ

0 1,409

ভাৰতীয় সংস্কৃতিত গভীৰভাৱে প্ৰচলিত প্ৰিয় পানীয় চাহ আৰু কফি সেৱনৰ ক্ষেত্ৰত বিশেষ পৰামৰ্শ আগবঢ়াইছে ভাৰতীয় চিকিৎসা গৱেষণা পৰিষদ চমুকৈ আই চি এম আৰে।

শেহতীয়াকৈ চিকিৎসা সংস্থাটোৱে নেশ্যনেল ইনষ্টিটিউট অৱ নিউট্ৰিচন (এনআইএন)ৰ সৈতে অংশীদাৰিত্বৰে ১৭টা নতুন খাদ্য নিৰ্দেশনা প্ৰৱৰ্তন কৰিছে, যাৰ লক্ষ্য হৈছে সমগ্ৰ ভাৰততে স্বাস্থ্যসন্মত খাদ্যাভ্যাসক উৎসাহিত কৰা।

এই নিৰ্দেশনাসমূহে বৈচিত্ৰময় খাদ্য আৰু সক্ৰিয় জীৱনশৈলীৰ তাৎপৰ্য্যৰ ওপৰত গুৰুত্ব আৰোপ কৰে।

চিকিৎসা বিশেষজ্ঞসকলে সম্ভাৱ্য স্বাস্থ্যজনিত চিন্তাৰ বাবে চাহ-কফি অত্যধিক সেৱনৰ বিৰুদ্ধেও সকীয়াই দিয়ে।

আই চি এম আৰৰ গৱেষকসকলে ব্যাখ্যা কৰিছে যে চাহ আৰু কফিত ‘কেফেইন থাকে, যিয়ে কেন্দ্ৰীয় স্নায়ুতন্ত্ৰক উত্তেজিত কৰে আৰু শাৰীৰিক নিৰ্ভৰশীলতাৰ সৃষ্টি কৰে’।

১৫০ মিলিলিটাৰ কাপ ব্ৰুড কফিত ৮০-১২০ মিলিগ্ৰাম, ইনষ্টেণ্ট কফিত ৫০ – ৬৫ মিলিগ্ৰাম আৰু চাহত ৩০-৬৫ মিলিগ্ৰাম কেফেইন থাকে বুলিও তথ্যত প্ৰকাশ পাইছে।

আই চি এম আৰে দৈনিক মাত্ৰ ৩০০ মিলিগ্ৰাম কেফেইন গ্ৰহণ কৰাৰ পৰামৰ্শ প্ৰদান কৰিছে।

লগতে চিকিৎসা সংস্থাই খাদ্যৰ আগত আৰু পিছত কমেও এঘণ্টা সময় চাহ বা কফি পৰিহাৰ কৰাৰ পৰামৰ্শ দিয়ে কাৰণ ইয়াত টেনিন থাকে, যাৰ ফলত শৰীৰত আইৰণ শোষণ হ্ৰাস পায়। ইয়াৰ ফলত আইৰণৰ অভাৱ আৰু ৰক্তহীনতাৰ দৰে স্বাস্থ্যজনিত সমস্যাৰ সৃষ্টি হ’ব পাৰে।

অত্যধিক কফি সেৱন কৰিলেও উচ্চ ৰক্তচাপ আৰু হৃদযন্ত্ৰৰ অনিয়ম হ’ব পাৰে বুলিও কোৱা হৈছে।

ইয়াৰ উপৰি গাখীৰ অবিহনে চাহ খোৱাৰ ফলত তেজৰ সঞ্চালন উন্নত হয় আৰু ক’ৰ’নাৰী ধমনী ৰোগ আৰু পেটৰ কেন্সাৰৰ দৰে অৱস্থাৰ সম্ভাৱনা হ্ৰাস পায় বুলি গাইডলাইনত উল্লেখ কৰা হৈছে।

Leave A Reply

Your email address will not be published.