দুৰ্ঘটনা; বিয়াৰ বজাৰ কৰিবলৈ যোৱা এটা পৰিয়ালৰে ৫ জন সদস্যৰ মৃত্যু
অন্ধ্ৰপ্ৰদেশৰ অনন্তপুৰ জিলাত শনিবাৰে পুৱতি নিশা এখন গাড়ী আৰু ল’ৰীৰ মাজত হোৱা সংঘৰ্ষত এটা পৰিয়ালৰ ৫ জন সদস্য নিহত হোৱাৰ লগতে ৩ জন আহত হয়।
স্থানীয় আৰক্ষী পৰিদৰ্শক ভেংকটৰামি ৰেড্ডীয়ে কয় যে জিলাখনৰ গুটি মণ্ডলৰ উপকণ্ঠ অঞ্চলৰ ৪৪ নং ৰাষ্ট্ৰীয় ঘাইপথৰ ৰাণী নগৰ কলনী নিবাসী এটা পৰিয়ালৰ ৮ জন সদস্যই ২৭ মে’ত অনুষ্ঠিত হ’বলগীয়া এখন বিয়াৰ বাবে বজাৰ কৰিবলৈ হায়দৰাবাদলৈ গৈছিল।
হায়দৰাবাদৰ পৰা অনন্তপুৰলৈ উভতি আহি থাকোতেই সংঘটিত হয় এই দুৰ্ঘটনাটো। এই দুৰ্ঘটনাত বিয়াত বহিবলগীয়া ২৮ বছৰীয়া সুৰুজকে ধৰি আৰু চাৰিজন লোকৰ মৃত্যু হয়।
আৰক্ষীয়ে জনোৱা মতে, ‘ৰাষ্ট্ৰীয় ঘাইপথত থকা ৰয়েল ধাবা হোটেলৰ সমীপত তেওঁলোকৰ গাড়ীখন ল’ৰীৰ সৈতে খুন্দা মৰাৰ ফলত তিনিজন লোকৰ থিতাতে মৃত্যু হয়। আনহাতে গুটিৰ জিজিএইচত চিকিৎসাৰ সময়ত আন দুজনৰ মৃত্যু হয়।‘
প্ৰাৰম্ভিক তদন্তত পোহৰলৈ আহিছে যে চালকজনৰ টোপনি অহাৰ বাবেই গাড়ীখনে ল’ৰীখনৰ সৈতে সংঘৰ্ষত লিপ্ত হয়। আহতসকলৰ দুজনৰ অৱস্থা সংকটজনক বুলি জানিব পৰা গৈছে।