কাইলৈ দুপৰীয়া ১২ বজাত বিজেপিৰ মুখ্য কাৰ্যালয়লৈ যাব কেজৰিৱালসহ আপৰ শীৰ্ষ নেতা!
সাংসদ স্বাতী মালিৱালৰ সৈতে মাৰপিটৰ অভিযোগত সতীৰ্থ বিভৱ কুমাৰক গ্ৰেপ্তাৰ কৰাৰ পিছত দিল্লীৰ মুখ্যমন্ত্ৰী অৰবিন্দ কেজৰিৱালে বিজেপিৰ বিৰুদ্ধে আপ নেতাক এজন এজনকৈ জে’লত ভৰোৱাৰ অভিযোগ উত্থাপন কৰিছে।
বিজেপিৰ বিৰুদ্ধে ক্ষোভ প্ৰকাশ কৰি কেজৰিৱালে কয় যে কাইলৈ ১২ বজাত মই মোৰ সকলো নেতাৰ সৈতে বিজেপিৰ মুখ্য কাৰ্যালয়লৈ আহিম। আপোনালোকে যাক বিচাৰে তাকেই গ্ৰেপ্তাৰ কৰিব পাৰে।
দিল্লীৰ মুখ্যমন্ত্ৰী অৰবিন্দ কেজৰিৱালে কয়, ‘আপোনালোকে দেখিছে তেওঁলোক আপৰ পিছত কেনেদৰে পৰিছে, তেওঁলোকে আমাক সকলোকে জেইলত ভৰাব বিচাৰিছে। মই চৰকাৰক ক’ব বিচাৰো যে আপোনালোকে ‘জেইলৰ খেল’ খেলি আছে। কেতিয়াবা মনীষ চিছ’দিয়াই, সঞ্জয় সিং আৰু অৰবিন্দ কেজৰিৱালক জেইলত ভৰাইছে। কাইলৈ মই দুপৰীয়া ১২ বজাত দলৰ সকলো শীৰ্ষ নেতা, বিধায়কক লগত লৈ বিজেপিৰ মুখ্য কাৰ্যালয়লৈ আহি আছো। আপোনালোকে যাকেই বিচাৰে তাকেই জেইলত ভৰাই দিব পাৰে’।
আম আদমী পাৰ্টিৰ মুৰব্বীগৰাকীয়ে দাবী কৰে যে বিজেপিয়ে এতিয়া তেওঁৰ দলৰ ৰাজ্যসভাৰ সাংসদ ৰাঘৱ চাদ্ধাক গ্ৰেপ্তাৰ কৰাৰ পৰিকল্পনা কৰিছে। তেওঁ দাবী কৰে যে দিল্লীৰ মন্ত্ৰী সৌৰভ ভৰদ্বাজ আৰু আতিশীও তেওঁলোকৰ লক্ষ্য।
দিল্লীত দুখীয়া ল’ৰা-ছোৱালীৰ বাবে ভাল বিদ্যালয়, মোহল্লা ক্লিনিক স্থাপন, বিনামূলীয়া চিকিসা সেৱা, ২৪ ঘণ্টাই বিদ্যুত যোগান সুনিশ্চিত কৰিছো, যিটো বিজেপিয়ে কৰিব নোৱাৰে। আপৰ এয়াই ভুল হ’ল।