ISHAN NEWS – Always One Step Ahead of Time…

ভোটগ্ৰহণৰ পূৰ্বে কাশ্মীৰত সন্ত্ৰাসবাদীৰ আক্ৰমণ; বিজেপি নেতাৰ মৃত্যু, দুজন আহত

0 190

লোকসভা নিৰ্বাচনৰ ভোটদানৰ দুদিন পূৰ্বে শনিবাৰে জম্মু-কাশ্মীৰত সন্ত্ৰাসবাদীয়ে সংঘটিত কৰে দুটাকৈ ভয়ংকৰ আক্ৰমণৰ ঘটনা। সন্ত্ৰাসবাদীৰ গুলীচালনাত প্ৰাক্তন গাঁও প্ৰধান তথা বিজেপি নেতা নিহত হোৱাৰ বিপৰীতে ৰাজস্থানৰ দম্পতী আহত হয়।

দেশত ৭টা পৰ্যায়ত অনুষ্ঠিত হ’বলগীয়া লোকসভা নিৰ্বাচনৰ চাৰিটা পৰ্যায়ৰ নিৰ্বাচন সম্পূৰ্ণ হোৱাৰ পিছত পঞ্চম পৰ্যায়ৰ ভোটগ্ৰহণ অহা ২০ মে’ত অনুষ্ঠিত হ’ব।

জানিব পৰা মতে, সন্ত্ৰাসবাদীয়ে প্ৰথমতে শ্বোপিয়ান জিলাৰ হীৰপোৰা গাঁৱত প্ৰাক্তন গাঁও প্ৰধান তথা বিজেপি নেতা এজাজ আহমেদ শ্বেইখক লক্ষ্য কৰি গুলীচালনা কৰিছিল। গুলীবিদ্ধ অৱস্থাত চিকিৎসালয়লৈ লৈ যোৱা যদিও তাত তেওঁৰ মৃত্যু হয়।

আনহাতে দ্বিতীয়টো আক্ৰমণৰ ঘটনা সংঘটিত হৈছে অনন্তনাগত। তথ্য অনুসৰি দক্ষিণ কাশ্মীৰৰ পহলগামৰ সমীপৰ মুকলি পৰ্যটন শিবিৰত সন্ত্ৰাসবাদীয়ে গুলীচালনা কৰে, য’ত ৰাজস্থানৰ পৰা অহা দম্পতী আহত হয়। শনিবাৰে এই তথ্য প্ৰদান কৰে বিষয়াসকলে।

জম্মু-কাশ্মীৰৰ অনন্তনাগ জিলাৰ পহলগাম পৰ্যটনস্থলীৰ য়ান্নাৰত শনিবাৰে গভীৰ নিশা সংঘটিত হয় এই ঘটনা।

কাশ্মীৰ মণ্ডল আৰক্ষীয়ে ‘এক্স’যোগে কয়, ‘অনন্তনাগৰ য়ান্নাৰত সন্ত্ৰাসবাদীয়ে গুলীচালনা কৰে য’ত জয়পুৰ বাসিন্দা মহিলা ফাৰাহ আৰু তেওঁৰ স্বামী টবৰেজ আহত হয়। আহতসকলক চিকিৎসাৰ বাবে চিকিৎসালয়লৈ লৈ যোৱা হয়। নিৰাপত্তাৰক্ষীয়ে অঞ্চলটো ঘেৰাও কৰি ৰাখিছে।‘

উল্লেখ্য যে পঞ্চম পৰ্যায়ৰ লোকসভা নিৰ্বাচনত সোমবাৰে বাৰামুল্লা লোকসভাৰ আসনত ভোটগ্ৰহণ অনুষ্ঠিত হ’ব। নেশ্যনেল কনফাৰেন্সৰ পৰা প্ৰাক্তন মুখ্যমন্ত্ৰী ওমৰ আব্দুল্লাই প্ৰতিদ্বন্দ্বিতা আগবঢ়াইছে। ইয়াৰ উপৰি পিপলছ কনফাৰেন্সৰ ছাজ্জাদ ল’ন আৰু পিপলছ ডেম’ক্ৰেটিক পাৰ্টিৰ ফৈয়াজ মিৰো নিৰ্বাচনী যংজত নামিছে।

Leave A Reply

Your email address will not be published.