ভোটগ্ৰহণৰ পিছতেই হিংসাত্মক ঘটনা; দুই পক্ষৰ মাজত চলা গুলীয়াগুলীত এজনৰ মৃত্যু, দুজন আহত
লোকসভা নিৰ্বাচনৰ পঞ্চম পৰ্যায়ৰ ভোটগ্ৰহণৰ পিছতেই বিহাৰৰ সাৰণত সংঘটিত হৈছে হিংসাত্মক ঘটনা। মঙলবাৰে দুই পক্ষৰ মাজত চলা গুলীয়াগুলীত এজন লোকৰ মৃত্যু হোৱাৰ বিপৰীতে আন দুজন লোক গুৰুতৰভাৱে আহত হোৱাৰ খবৰ আহিছে।
জানিব পৰা মতে, সোমবাৰে পঞ্চম পৰ্যায়ৰ নিৰ্বাচনৰ ভোটগ্ৰহণ সমাপ্ত হোৱাৰ পিছৰে পৰা দুই পক্ষৰ মাজত আৰম্ভ হৈছিল বিবাদ। ঘটনাটো চপৰাৰ ভিখাৰী ঠাকুৰ চ’কত সংঘটিত হয়।
প্ৰাপ্ত খবৰ অনুসৰি, কালি এটা ভোটগ্ৰহণ কেন্দ্ৰৰ সমীপত বিজেপি আৰু আৰ জে ডি কৰ্মকৰ্তাৰ মাজত ভয়ংকৰ সংঘৰ্ষ হৈছিল। দুই পক্ষৰ মাজত চলা সংঘৰ্ষৰ ভিডিঅ’ ভাইৰেল হৈ পৰিছিল ছ’চিয়েল মিডিয়াত।
ইয়াৰ পিছত আজি আৰ জে ডিৰ কৰ্মীসকল বিজেপি নেতাসকলৰ ঘৰত উপস্থিত হৈ আক্ৰমণ সংঘটিত কৰে। আক্ৰমণ ইমানেই তীব্ৰতৰ হয় যে এটা সময়ত দুয়োপক্ষৰ মাজত তীব্ৰ গুলীচালনা হয়। য’ত এজন ব্যক্তিৰ মৃত্যু ঘটে।
ঘটনা সন্দৰ্ভত সাৰণৰ আৰক্ষী অধীক্ষক গৌৰৱ মাংলাই কয়, ‘কালি আৰ জে ডি আৰু বিজেপি কৰ্মীৰ মাজত বিবাদ হৈছিল। সেই ঘটনাটোক লৈয়ে আজি একাংশ লোকে গুলীচালনা কৰিছে। ঘটনাৰ তদন্ত আৰম্ভ কৰা হৈছে। দুদিনৰ বাবে অঞ্চলটোত ইণ্টাৰনেট বন্ধ কৰি দিয়া হৈছে।‘
জানিব পৰা মতে, গুলীচালনাৰ অভিযোগ বিজেপি কৰ্মীৰ বিৰুদ্ধে উত্থাপন হৈছে। গুলীবিদ্ধ হৈ মৃত্যু হোৱা লোকজন চন্দন ৰায় বুলি চিনাক্ত কৰা হৈছে।