তৃতীয়টো সন্তান জন্ম দিয়াৰ বাবেই বিজেপিৰ ২ কাউন্সিলাৰক অযোগ্য ঘোষণা
গুজৰাটত বিপৰ্যয়ৰ সন্মুখীন হৈছে শাসকীয় দল বিজেপি। গুজৰাট পৌৰ নিগম আইন, ১৯৬৩ উলংঘা কৰি তৃতীয় সন্তান জন্ম দিয়াৰ বাবে আমৰেলীৰ দামনগৰ পৌৰসভাৰ দুই দলীয় কাউন্সিলাৰক অযোগ্য ঘোষণা কৰা হৈছে।
ৰাষ্ট্ৰীয় সংবাদ মাধ্যমৰ বাতৰি অনুসৰি, আমৰেলী জিলা উপায়ুক্ত অজয় দাহিয়াৰ কাৰ্যালয়ে সোমবাৰে এক নিৰ্দেশ জাৰি কৰি খীমা কাছোটিয়া আৰু মেঘনা বোখাক তাৎক্ষণিকভাৱে কাৰ্যকৰী হোৱাকৈ পৌৰসভাৰ কাউন্সিলাৰ হিচাপে অযোগ্য ঘোষণা কৰে।
দুইগৰাকীকৈ কাউন্সিলাৰক অযোগ্য ঘোষণা কৰিলেও অৱশ্যে পৌৰসভাত বিজেপিৰ সংখ্যাগৰিষ্ঠতাত কোনোধৰণৰ প্ৰভাৱ নপৰে।
উপায়ুক্তই দিয়া নিৰ্দেশত কোৱা হৈছে, ‘২০২১ চনত দামনগৰ পৌৰসভাৰ বাবে অনুষ্ঠিত হোৱা নিৰ্বাচনৰ সময়ত খীমা কাছোটিয়া আৰু মেঘনা বোখাৰ দুটা সন্তান আছিল। ২০২৩ চনৰ ১০ মে’ত কাছোটিয়াৰ তৃতীয়টো সন্তান আৰু ১৪ মাৰ্চত বোখাৰ তৃতীয়টো সন্তান জন্ম হয়। এয়া গুজৰাট পৌৰ নিগম আইন, ১৯৬৩ উলংঘন।‘
উল্লেখ্য যে, ২০০৫ চনৰ ৪ আগষ্টত গুজৰাট পৌৰসভা আইনত ১১(১)(এচ) ধাৰা সংযোজন কৰা হয়, যাৰ ফলত কাউন্সিলাৰ হোৱাৰ পিছত তৃতীয় সন্তান জন্ম দিয়া লোকসকল পৌৰসভাৰ সদস্য হোৱাৰ অযোগ্য হৈ পৰে।