অতি মৰ্মান্তিক! টেংকি চাফা কৰিবলৈ গৈ মৃত্যু তিনিজন যুৱকৰ
ৰাজস্থানৰ ভৰতপুৰ জিলাত নলাৰ টেংকি চাফা কৰিবলৈ অহা দুজন যুৱকসহ তিনিজন লোকৰ বিষাক্ত গেছৰ ফলত মৃত্যু হয়। আৰক্ষীয়ে জানিবলৈ দিয়া মতে, লোককেইজনক বচাবলৈ টেংকিত নমা আন দুজন যুৱকৰ অৱস্থা সংকটজনক।
বৃহস্পতিবাৰে লখানপুৰ আৰক্ষী থানা এলেকাত সংঘটিত হয় এই ঘটনা। এটা ঘৰত নিৰ্মিত ছেফটি টেংক চাফা কৰিবলৈ নামিছিল আকাশ (২৫) আৰু কৰণ (২২) নামৰ দুজন যুৱক। কিন্তু টেংকি চাফা কৰি থকাৰ কিছু সময় পিছতে শ্বাস-প্ৰশ্বাসত অসুবিধা পোৱাত তেওঁলোকে সহায় বিচাৰি চিঞৰিবলৈ ধৰে।
এই যুৱক দুজনক বচাবলৈ ভোলু, নৰেশ আৰু ইন্দ্ৰ নামৰ আন তিনিজন লোক টেংকিৰ ভিতৰত প্ৰৱেশ কৰে আৰু তেওঁলোকো কিছু সময়ৰ ভিতৰতে অচেতন হৈ পৰে।
ইয়াৰ পিছতে স্থানীয় লোকে টেংকিৰ সমীপত গাঁত এটা খান্দি টেংকিৰ আধা অংশ ভাঙি যুৱক কেইজনক উদ্ধাৰ কৰ। তেওঁলোকক লগে লগে হাস্পতাললৈ লৈ যোৱা হয় যদিও আকাশ, কৰণ আৰু ভোলুৰ মৃত্যু হোৱাৰ বিপৰীতে আন দুজনৰ চিকিৎসা চলি আছে।
ইফালে এই ঘটনাৰ পিছতে ৰাজ্যখনৰ মুখ্যমন্ত্ৰী ভজনলাল শৰ্মাই এক্সযোগে শোকপ্ৰকাশ কৰি বিভাগীয় কৰ্তৃপক্ষক বিষয়টো সন্দৰ্ভত তদন্ত কৰাৰ লগতে ভুক্তভোগী পৰিয়াল কেইটাক যথাসম্ভৱ সহায়ৰ হাত আগবঢ়াবলৈ নিৰ্দেশ প্ৰদান কৰে।