ISHAN NEWS – Always One Step Ahead of Time…

মন্দিৰ দৰ্শন কৰিবলৈ যোৱা যাত্ৰীবাহী বাছ বাগৰিল ১৫০ ফুট দ’ খাৱৈত, ২১ যাত্ৰীৰ মৃত্যু

0 1,900

জম্মুত সংঘটিত হৈছে এক ভয়ংকৰ পথ দুৰ্ঘটনা। জম্মু-পুঞ্চ ঘাইপথৰ আখনুৰ অঞ্চলত এখন যাত্ৰীবাহী বাছ প্ৰায় ১৫০ ফুট দ’ খাৱৈত বাগৰি পৰাৰ ফলত ২১ জন লোকৰ মৃত্যু হোৱাৰ বিপৰীতে ৬০ জনতকৈ অধিক লোক আহত হয়।

ভয়াৱহ দুৰ্ঘটনাটো সংঘটিত হোৱাৰ কিছু সময়ৰ পিছতে উদ্ধাৰ অভিযান আৰম্ভ কৰি আহতসকলক আখনুৰ চিকিৎসালয়লৈ প্ৰেৰণ কৰা হৈছে বুলি এগৰাকী বিষয়াই জনায়।

‘উত্তৰ প্ৰদেশৰ হাথৰছৰ পৰা যাত্ৰী কঢ়িয়াই অনা এখন বাছ জম্মুৰ আখনুৰৰ টাণ্ডাৰ সমীপত দুৰ্ঘটনাত পতিত হৈছে’, জম্মুৰ উপায়ুক্তই কয়।

ৰাষ্ট্ৰপতি দ্ৰৌপদী মুৰ্মুৱে দুৰ্ঘটনাত প্ৰাণ হেৰুওৱাসকলৰ পৰিয়ালৰ প্ৰতি গভীৰ শোক প্ৰকাশ কৰি এক্সযোগে কয় যে জম্মুৰ সমীপৰ আখনুৰত বাছ দুৰ্ঘটনাত প্ৰাণ হেৰুৱাৰ খবৰ জানিব পাৰি দুঃখিত। শোকসন্তপ্ত পৰিয়ালবৰ্গলৈ গভীৰ সমবেদনা জ্ঞাপন কৰাৰ লগতে আহতসকলৰ আশু আৰোগ্য কামনা কৰিলো।

জানিব পৰা অনুসৰি উত্তৰ প্ৰদেশৰ পৰা অহা যাত্ৰীবাহী বাছখনে জম্মুৰ মাতা বৈষ্ণো দেৱী মন্দিৰৰ পৰা ৮০ কিলোমিটাৰ নিলগত থকা শিৱখেৰী ধামলৈ বুলি গৈ থকা অৱস্থাতে দুৰ্ঘটনাত পতিত হয়।

Leave A Reply

Your email address will not be published.