ISHAN NEWS – Always One Step Ahead of Time…

নিৰ্বাচন শেষ! বাঢ়িল টোল টেক্স। বাহনখন ৰাজপথলৈ ওলাই নিলেই ভৰিব লাগিব অধিক ধন

0 138

নিৰ্বাচন শেষ! কাইলৈ অৰ্থাত্ ৪ জুনত প্ৰকাশ পাব নিৰ্বাচনী ফলাফল। নিৰ্বাচনৰ ফলাফল প্ৰকাশ পোৱাৰ পূৰ্বে ৰাইজৰ ওপৰত মাধমাৰ। ৩ৰ পৰা ৫ শতাংশ পৰ্যন্ত বাঢ়িল টোলগে’টৰ মাছুল। বাহনখন ৰাজপথলৈ ওলাই নিলেই এতিয়াৰে অধিক ধন ভৰিব লাগিব জনতাই।

ৰাষ্ট্ৰীয় ঘাইপথ প্ৰাধিকৰণৰ মতে, টোলগে’টৰ মাছুল বৃদ্ধি কৰাটো বছৰেকীয়া প্ৰক্ৰিয়া। প্ৰতিবছৰে বিত্তীয় বৰ্ষৰ আৰম্ভণিতে অৰ্থাত্ এপ্ৰিল মাহত এই মাছুল বৃদ্ধি কৰা হয়। কিন্তু লোকসভা নিৰ্বাচনৰ বাবে এইবাৰ মাছুল বৃদ্ধিৰ সিদ্ধান্তটো কাৰ্যকৰী হোৱা নাছিল। যোৱা ১ জুনত অন্তিম পৰ্যায়ৰ ভোটগ্ৰহণ সমাপ্ত হোৱাৰ পিছতে মাছুল বৃদ্ধিৰ সিদ্ধান্ত গ্ৰহণ কৰা হৈছে।

উল্লেখ্য যে দেশৰ বিভিন্ন ৰাষ্ট্ৰীয় ঘাইপথসমূহত মুঠ ১১০০ খন টোলগেট আছে। বৰ্তমান অসমত আছে ৭ খন টোলগেট। আজিৰ পৰা প্ৰতিখন টোলগেটতে পূৰ্বৰ তুলনাত অধিক ধন আদায় দিব লাগিব ৰাইজে। যদিহে ৫ শতাংশকৈ মাছুল বৃদ্ধি হয় তেন্তে বিজনী টোলগেটত প্ৰতিখন সৰু গাড়ীৰ মাছুল ৬৫ টকাৰ পৰিৱৰ্তে ৬৮.২৫ টকা হ’বগৈ। একেদৰে বাছৰ মাছুল ৪২০ টকাৰ ঠাইত ৪৪১টকা আদায় দিব লাগিব। একেদৰে মদনপুৰত সৰু গাড়ীৰ মাছুল ১২০ টকাৰ পৰিৱৰ্তে ১৩৭ টকা হ’বগৈ। একেদৰে বাছৰ মাছুল ৪৪০ টকাৰ ঠাইত ৪৬২ টকা আদায় দিব লাগিব। যাৰ ফলত বৃদ্ধি পাব বাছ তথা আন বাণিজ্যিক বাহনৰ ভাড়াৰ পৰিমাণ। বাণিজ্যিক বাহনৰ ভাড়া বৃদ্ধিৰ লগে লগে এই বাহনসমূহে কঢ়িওৱা সামগ্ৰীৰো দাম বাঢ়িব। মুঠতে সকলো দিশৰে পৰা সাধাৰণ জনতাই টেঁটুচেপা খোৱাটো নিশ্চিত।

Leave A Reply

Your email address will not be published.