ISHAN NEWS – Always One Step Ahead of Time…

ক্ৰিকেটৰ পিছত ৰাজনৈতিক ফিল্ডত ইউছুফ পাঠানৰ দপদপনি! পিছ পৰিল কংগ্ৰেছৰ অধীৰ ৰঞ্জন চৌধুৰী 

0 226

প্ৰথমবাৰৰ বাবে ৰাজনৈতিক ৰণত নামিছে ভাৰতীয় ক্ৰিকেট দলৰ প্ৰাক্তন ক্ৰিকেটাৰ ইউছুফ পাঠান। পশ্চিমবংগৰ বহৰমপুৰ লোকসভা সমষ্টিৰ পৰা তৃণমূল কংগ্ৰেছৰ হৈ প্ৰাৰ্থিত্ব আগবঢ়াইছে পাঠানে।

এই সমষ্টিটোত পাঠানৰ মূল প্ৰতিদ্বন্দ্বী হৈছে কংগ্ৰেছৰ অধীৰ ৰঞ্জন চৌধুৰী আৰু বিজেপিৰ ডাঃ নিৰ্মল কুমাৰ শ্বাহ। নিৰ্বাচন আয়োগৰ তথ্য অনুসৰি, এই পৰ্যন্ত পাঠানে ৬৬ হাজাৰৰো অধিক ভোটত আগবাঢ়ি আছে।

গণনাৰ প্ৰথম অৱস্থাত অধীৰ ৰঞ্জন চৌধুৰীয়ে অগ্ৰগতি লাভ কৰিছিল যদিও পিছত ইউছুফ পাঠানে তেওঁক চেৰ পেলাই বৃহত অগ্ৰগতি লাভ কৰিছে।

বৰ্তমানৰ সাংসদ অধীৰ ৰঞ্জন চৌধুৰীক তীব্ৰ প্ৰত্যাহ্বান জনোৱা পাঠানে মমতা বেনাৰ্জীৰ অনুৰোধতে লোকসভা নিৰ্বাচনৰ পূৰ্বে তৃণমূলত যোগদান কৰিছিল।

উল্লেখ্য যে, অধীৰ ৰঞ্জন চৌধুৰীয়ে ২০১৯ চনৰ লোকসভা নিৰ্বাচনত তৃণমূলৰ অপূৰ্বা সৰকাৰক ৮০,৬৯৬টা ভোটৰ ব্যৱধানত পৰাস্ত কৰিছিল। এই সমষ্টিটোৰ পৰা একেৰাহে পাঁচবাৰ সাংসদ হিচাপে নিৰ্বাচিত হৈ আহিছিল অধীৰ ৰঞ্জন চৌধুৰী। ১৯৯৯ চনত প্ৰথমবাৰৰ এই সমষ্টিটোৰ পৰা জয়ী হৈছিল কংগ্ৰেছ নেতাগৰাকী।

কিন্তু অধীৰ ৰঞ্জন চৌধুৰী ষষ্ঠবাৰৰ বাবে সাংসদ হয় নে ইউছুফ পাঠানে তেওঁৰ দীৰ্ঘদিনীয়া আধিপত্যৰ অন্ত পেলায় সেয়া চূড়ান্ত ফলাফল অহাৰ পিছতহে স্পষ্ট হৈ পৰিব।

Leave A Reply

Your email address will not be published.