ISHAN NEWS – Always One Step Ahead of Time…

নৰেন্দ্ৰ মোদী-অমিত শ্বাহৰ বিৰুদ্ধে JPC তদন্তৰ দাবী ৰাহুল গান্ধীৰ  

0 47

তৃতীয়বাৰৰ বাবে প্ৰধানমন্ত্ৰীৰূপে শপত ল’বলগীয়া নৰেন্দ্ৰ মোদী আৰু বিজেপিৰ জ্যেষ্ঠ নেতা অমিত শ্বাহৰ বিৰুদ্ধে যুটীয়া সংসদীয় সমিতি (JPC)ৰ তদন্তৰ দাবী জনাইছে নৱনিৰ্বাচিত কংগ্ৰেছ সাংসদ ৰাহুল গান্ধীয়ে।

ৰাহুল গান্ধীয়ে অভিযোগ কৰিছে যে ‘এতিয়ালৈকে হোৱা আটাইতকৈ ডাঙৰ ষ্টক মাৰ্কেট কেলেংকাৰী’ত তেওঁলোক ‘প্ৰত্যক্ষভাৱে জড়িত’, য’ত খুচুৰা বিনিয়োগকাৰীয়ে ৩০ লাখ কোটি টকাৰ লোকচানৰ সন্মুখীন হৈছিল।

বৃহস্পতিবাৰে নতুন দিল্লীত এখন সংবাদমেল সম্বোধন কৰি ৰাহুল গান্ধীয়ে অভিযোগ কৰে যে প্ৰথমবাৰৰ বাবে মোদী, শ্বাহ আৰু নিৰ্মলা সীতাৰমণে টিভিৰ সাক্ষাৎকাৰত ৪ জুনৰ লোকসভা নিৰ্বাচনৰ ফলাফল ঘোষণাৰ পূৰ্বে সাধাৰণ জনতাক শ্বেয়াৰ কিনিবলৈ পৰামৰ্শ দিছিল।

তেওঁ কয়, ‘প্ৰধানমন্ত্ৰীয়ে লোকসকলক বিনিয়োগ কৰিবলৈ কিয় পৰামৰ্শ দিলে? গৃহমন্ত্ৰীয়ে কিয় ৫ কোটি পৰিয়ালক বিনিয়োগ কৰিবলৈ কৈছিল? প্ৰধানমন্ত্ৰী আৰু গৃহমন্ত্ৰী দুয়োজনেই এই সাক্ষাৎকাৰ আদানী চেনেলক দিছিল, যিটো ব্যৱসায়িক গোট ছেবিৰ তদন্তৰ অধীনত আছে। এনে পৰিস্থিতিত এই চেনেলবোৰৰ ভূমিকা কি? বিজেপি, ভুৱা এগজিট প’ল আৰু বিদেশী বিনিয়োগকাৰীৰ মাজত কি সম্পৰ্ক? আমি জানিব বিচাৰো, দেশে জানিব বিচাৰে আৰু সেইবাবেই আমি যুটীয়া সংসদীয় সমিতিৰ তদন্ত বিচাৰো।‘

ৰাহুল গান্ধীয়ে উত্থাপন কৰা এই অভিযোগৰ প্ৰত্যুত্তৰ মোদী আৰু অমিত শ্বাহে কিদৰে দিয়ে সেয়া সময়তহে লক্ষ্যণীয় হ’ব।

Leave A Reply

Your email address will not be published.