ISHAN NEWS – Always One Step Ahead of Time…

মোদীৰ শপত গ্ৰহণৰ মাজতে ভয়ংকৰ ঘটনা। সন্ত্ৰাসবাদীৰ আক্ৰমণত ১০ জন তীৰ্থযাত্ৰী নিহত। কেনেকৈ আক্ৰমণ চলাইছিল সন্ত্ৰাসবাদীয়ে

0 841

মোদীৰ শপতগ্ৰহণৰ দিনাই ভয়ংকৰ ঘটনা। সন্ত্ৰাসবাদীৰ আক্ৰমণত ১০ গৰাকী তীৰ্থযাত্ৰীৰ মৃত্যু, গুৰুতৰভাৱে আহত ৩৩ গৰাকী তীৰ্থযাত্ৰী। জম্মু-কাশ্মীৰত ৰিয়াছি জিলাৰ  এটা মন্দিৰলৈ বাছেৰে উভতি আহিছিল তীৰ্থযাত্ৰীসকল। উভতি অহাৰ পথত উগ্ৰপন্থীয়ে তীৰ্থযাত্ৰী কঢ়িয়াই অনা বাছখন ঘেৰাও কৰি নিৰ্বিচাৰে গুলীচালনা কৰে। তীৰ্থযাত্ৰীসকলক লক্ষ্য কৰি প্ৰায় ৪০ জাঁই গুলীচালনা কৰে সন্ত্ৰাসবাদীয়ে। বাছ চালকৰ গাত গুলী লগাৰ ফলত অনিয়ন্ত্ৰিত হৈ পৰে বাছখন। যাৰ ফলত ২০০ ফুট দ’ খাৱৈত বাছখন বাগৰি পৰে। আৰক্ষীৰ সূত্ৰ অনুসৰি শিৱখোৰা মন্দিৰৰ পৰা কাটৰালৈ গৈ আছিল বাছখন। উত্তৰপ্ৰদেশ, দিল্লী, ৰাজস্থানৰ যাত্ৰী আছিল বাছখনত।

পাকিস্তানী মূলৰ দুইৰ পৰা তিনিজন সন্ত্ৰাসবাদীয়ে এই ঘৃণনীয় কাৰ্য সংঘটিত কৰিছে বুলি ধাৰণা কৰা হৈছে। আক্ৰমণৰ পিছতে সন্ত্ৰাসবাদীৰ বিৰুদ্ধে অভিযান আৰম্ভ কৰিছে আৰক্ষীয়ে। ঘন অৰণ্যবোৰত ড্ৰোণৰ দ্বাৰা অভিযান চলোৱা হৈছে। তদন্তৰ বাবে ঘটনাস্থলীলৈ ৰাওনা হৈছে NIAৰ এটা দল। এই ঘটনাক লৈ ৰাষ্ট্ৰপতি দ্ৰৌপদী মূৰ্মূ, প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ শোকপ্ৰকাশ কৰিছে। জম্মু-কাশ্মীৰৰ উপৰাজ্যপালৰ পৰা ফোনযোগে ঘটনা বুজ লৈছে অমিত শ্বাহে।

Leave A Reply

Your email address will not be published.