ISHAN NEWS – Always One Step Ahead of Time…

৪০০ আসনৰ শ্লোগানৰ বাবেই ক্ষতি হ’ল বিজেপিৰ : একনাথ সিন্দে

0 290

তেলেগু দেশম পাৰ্টী (টিডিপি) আৰু জনতা দল ইউনাইটেড (জেডিইউ)ৰ সহায়ত এন ডি এয়ে ২০২৪ চনৰ লোকসভা নিৰ্বাচনত জয়ী হ’লেও সংখ্যাগৰিষ্ঠতা লাভ কৰাত ব্যৰ্থ হয় বিজেপি।

নিৰ্বাচনী প্ৰচাৰৰ সময়ত বিজেপিয়ে ৪০০ আসন অতিক্ৰম কৰিব বুলি দিয়া শ্লোগান সন্দৰ্ভত মহাৰাষ্ট্ৰৰ মুখ্যমন্ত্ৰী একনাথ সিন্দেই ডাঙৰ মন্তব্য কৰিছে। ৪০০ অতিক্ৰম কৰাৰ শ্লোগানে বিজেপিক ক্ষতি কৰা বুলি তেওঁ মন্তব্য কৰে।

মঙলবাৰে এক অনুষ্ঠানৰ সময়ত মহাৰাষ্ট্ৰৰ মুখ্যমন্ত্ৰী একনাথ সিন্দেই কয়, ‘বিৰোধীয়ে এনে এক পৰিবেশৰ সৃষ্টি কৰিছিল যে যদি মোদী চৰকাৰে ৪০০ আসন অতিক্ৰম কৰে তেন্তে সংবিধান সলনি কৰি দিব। সৰ্বসাধাৰণে এই কথা মন-মগজুত ভৰাই ল’লে আৰু ইয়াৰ বাবেই সকলো খেলিমেলি হৈ গ’ল আৰু যথেষ্ট ক্ষতি হ’ল আমাৰ মিত্ৰজোঁটৰ।‘

উল্লেখ্য যে ২০২৪ চনৰ লোকসভা নিৰ্বাচনত বিজেপি ২৪০, কংগ্ৰেছ ৯৯, সমাজবাদী পাৰ্টি ৩৭, অল ইণ্ডিয়া তৃণমূল কংগ্ৰেছ ২৯, ডিএমকে ২২, জে ডি ইউ ১২, ৱাইএছআৰচিপি ৪, আপ ৩, তেলেগু দেশম পাৰ্টি ১৬ আৰু অন্যান্যই ৮৩খন আসন লাভ কৰিছিল।

৯ জুনত নৰেন্দ্ৰ মোদীয়ে তৃতীয় কাৰ্যকালৰ বাবে প্ৰধানমন্ত্ৰী হিচাপে শপত গ্ৰহণ কৰে। শপত গ্ৰহণ কৰাৰ লগে লগে ইতিহাস ৰচে প্ৰধানমন্ত্ৰী মোদীয়ে। কাৰণ তেওঁ জৱাহৰ লাল নেহৰুৰ পিছত তৃতীয়বাৰৰ বাবে প্ৰধানমন্ত্ৰী হোৱা দ্বিতীয়জন ব্যক্তি।

Leave A Reply

Your email address will not be published.