ISHAN NEWS – Always One Step Ahead of Time…

লোকসভাৰ অধ্যক্ষ পদক লৈ জল্পনা-কল্পনাৰ অন্ত; ২৬ জুনত অনুষ্ঠিত হ’ব নিৰ্বাচন

0 225

২০২৪ চনৰ লোকসভা নিৰ্বাচনৰ অন্ত পৰাৰ পিছত একেৰাহে তৃতীয়বাৰৰ বাবে দেশৰ প্ৰধানমন্ত্ৰী হয় নৰেন্দ্ৰ মোদী। ৯ জুনত শপত গ্ৰহণ কৰাৰ এদিন পিছতেই মন্ত্ৰীসকলৰ মাজত বিতৰণ কৰা হয় মন্ত্ৰালয়।

মন্ত্ৰীসভা গঠনৰ পিছত এতিয়া লোকসভাৰ অধ্যক্ষ নিৰ্বাচনৰ ওপৰত সকলোৰে দৃষ্টি নিবদ্ধ। এই সন্দৰ্ভত ৰাষ্ট্ৰপতি দ্ৰৌপদী মুৰ্মুৱে এক অধিসূচনা জাৰি কৰিছে। ২৬ জুনত অনুষ্ঠিত হ’ব এই নিৰ্বাচন।

২৭ তাৰিখে সংসদৰ দুয়োটা সদনত ভাষণ দিব ৰাষ্ট্ৰপতিগৰাকীয়ে। সেইদিনা পুৱা ১১ বজাত ৰাষ্ট্ৰপতিৰ ভাষণ। অৰ্থাৎ ইয়াৰ পূৰ্বে সকলো নৱনিৰ্বাচিত সাংসদক শপত প্ৰদান কৰাৰ সমান্তৰালকৈ নতুন অধ্যক্ষও নিৰ্বাচিত হ’ব।

২৪ আৰু ২৫ জুনত প্ৰটেম অধ্যক্ষই নতুন সাংসদসকলক শপত বাক্য পাঠ কৰোৱাব।

জানিব পৰা অনুসৰি, বিজেপিৰ তৰফৰ পৰাই হ’ব লোকসভাৰ অধ্যক্ষ। অৰ্থাৎ ২৬ জুনত বিজেপিৰ এজন সাংসদ লোকসভাৰ অধ্যক্ষ নিৰ্বাচিত হ’ব।

সংবাদ মাধ্যমৰ বাতৰি নাকচ কৰি বিজেপিৰ এগৰাকী জ্যেষ্ঠ নেতাই কয় যে লোকসভাৰ অধ্যক্ষ পদৰ বাবে কোনো মিত্ৰ দলৰ পৰা কোনো দাবী অহা নাই। বিজেপিয়ে অতি শীঘ্ৰে প্ৰথমে দলীয় পৰ্যায়ত বিবেচনা কৰিব আৰু দলে নামটোৰ সিদ্ধান্ত লোৱাৰ পিছত এন ডি এৰ মিত্ৰৰ সৈতেও আলোচনা কৰি সেই নামটোৰ ওপৰত এক ঐকমত গঠন কৰা হ’ব।

Leave A Reply

Your email address will not be published.