দিল্লীৰ ৰাউজ এভিনিউ আদালতে মুখ্যমন্ত্ৰী অৰবিন্দ কেজৰিৱালৰ ন্যায়িক জিম্মা ৩ জুলাইলৈ বৃদ্ধি কৰিছে। ইয়াৰ সমান্তৰালকৈ সুৰা কেলেংকাৰী গোচৰৰ অন্যতম অভিযুক্ত বিনোদ চৌহানৰ জিম্মাও বৃদ্ধি কৰা হৈছে।
জিম্মাৰ সময়সীমা শেষ হোৱাৰ পিছত বুধবাৰে দুয়োকে ভিডিঅ’ কনফাৰেন্সিঙৰ জৰিয়তে আদালতত হাজিৰ কৰোৱা হয়।
দিল্লী আবকাৰী নীতিৰ গোচৰত ইডিৰ অধিবক্তাই আদালতত কয় যে বি আৰ এছ নেত্ৰী কবিতাৰ পি এৰ জৰিয়তে বিনোদ চৌহানে ২৫ কোটি টকা লাভ কৰিছিল। গোৱা নিৰ্বাচনৰ বাবে চৌহানে এই ধন লাভ কৰিছিল।
ইডিৰ অধিবক্তাজনে লগতে কয় যে বিনোদৰ বিৰুদ্ধে চলিত মাহৰ শেষৰফালে এজাহাৰ দাখিল কৰা হ’ব। মে’ মাহত তেওঁক গ্ৰেপ্তাৰ কৰা হৈছিল।
উল্লেখ্য যে, যোৱা ২১ মাৰ্চত সুৰা কেলেংকাৰী গোচৰত গ্ৰেপ্তাৰ হৈছিল অৰবিন্দ কেজৰিৱাল। অৱশ্যে উচ্চতম ন্যায়ালয়ে মে’ মাহত তেওঁক ২১ দিনৰ অন্তৱৰ্তীকালীন জামিন প্ৰদান কৰিছিল। অন্তৱৰ্তীকালীন জামিনৰ সময়সীমা শেষ হোৱাৰ পিছত ২ জুনত তিহাৰ জেইলত আত্মসমৰ্পণ কৰে।
জানিব পৰা মতে, কেজৰিৱালৰ হৈ আদালতত উপস্থিত আছিল জ্যেষ্ঠ অধিবক্তা বিবেক জৈন।