অটোৰিক্সা আৰু বাছৰ মাজত ভয়ংকৰ সংঘৰ্ষ; একেটা পৰিয়ালৰে তিনিজনৰ মৃত্যু
বৃহস্পতিবাৰে কেৰালাৰ মালাপ্পুৰম চহৰৰ পৰা প্ৰায় তিনি কিলোমিটাৰ দূৰৈৰ মুট্টিপাডীত এখন অটোৰিক্সা আৰু কেৰালা ৰাজ্যিক পথ পৰিবহণ নিগম (কে এছ আৰ টি চি)ৰ বাছৰ সংঘৰ্ষত নিহত হয় এটা পৰিয়ালৰ তিনিজন লোক।
আৰক্ষীয়ে জিলাখনৰ পুলপট্টাৰ সমীপৰ ওলামাথিলৰ বাসিন্দা আশ্ৰফ (৪৫), তেওঁৰ পত্নী সাজিতা (৩৭) আৰু তেওঁলোকৰ কন্যা ফিদা (১৫) বুলি চিনাক্ত কৰা হৈছে।
আৰক্ষীৰ সূত্ৰ অনুসৰি দুৰ্ঘটনাটোত আশ্ৰফ আৰু ফিদাৰ থিতাতে মৃত্যু হোৱাৰ বিপৰীতে মাঞ্জেৰী মেডিকেল কলেজ হাস্পতাল (এম চি এইচ মাঞ্জেৰী) লৈ যোৱাৰ পথতেই মৃত্যু হয় সাজিতাৰ।
আটাইকেইটা মৃতদেহ মৰণোত্তৰ পৰীক্ষাৰ বাবে এম চি এইচ মাঞ্জেৰীত ৰখা হৈছে।
আৰক্ষীয়ে জনোৱা মতে, অট’ৰিক্সাখনে নিয়ন্ত্ৰণ হেৰুৱাই ভুল দিশলৈ গৈ মালাপ্পুৰমৰ চাৰ্ভিচ ষ্টেচন অভিমুখে গৈ থকা কে এছ আৰ টি চি বাছৰ সৈতে খুন্দা মৰাৰ ফলত সংঘটিত হয়।
দুৰ্ঘটনা সংঘটিত হোৱাৰ সময়ত বাছখনত কোনো যাত্ৰী নাছিল। জানিব পৰা মতে, আৰক্ষীয়ে গোচৰ ৰুজু কৰি তদন্ত আৰম্ভ কৰিছে।