ISHAN NEWS – Always One Step Ahead of Time…

কৰ বৃদ্ধিৰ ভয়ংকৰ পৰিণাম। চৰকাৰৰ বিৰুদ্ধে প্ৰতিবাদ কৰি প্ৰাণ হেৰুৱালে ১০ জনে

0 253

কৰ বৃদ্ধিৰ ভয়ংকৰ পৰিণাম। প্ৰতিবাদৰ জুয়ে দহিছে কেনিয়া। কৰ বৃদ্ধিৰ বিত্তীয় বিধেয়কৰ বিৰুদ্ধে ৰাজপথলৈ ওলাই আহিছে হাজাৰ হাজাৰ লোক। বিধেয়কখন গৃহীত হোৱাৰ লগে লগে উত্তেজিত হৈ পৰে জনতা। ইয়াৰ পিছতেই ৰাজপথলৈ ওলাই আহি হিংসাত্মক প্ৰতিবাদ সাব্যস্ত কৰে সহস্ৰাধিক লোকে। জনতাৰ ক্ষোভে ইমানেই চৰম সীমা পালেগৈ যে একাংশ উত্তেজিত লোকে অগ্নিসংযোগ কৰে সংসদত। আমেৰিকাৰ প্ৰাক্তন ৰাষ্ট্ৰপতি বাৰাক অবামাৰ ভগ্নীও এই প্ৰতিবাদত অংশ লয়। অ’বামাৰ ভগ্নী আৰু কেনিয়াৰ কৰ্মী আউমা অবামাই নাইৰোবিৰ সংসদ ভৱনত আক্ৰমণ কৰে। জনতাৰ ক্ষোভ দেখি প্ৰাণৰ মমতাত সংসদ এৰি পলায়ন কৰে সাংসদসকলে। পৰিস্থিতি নিয়ন্ত্ৰণ কৰিবলৈ লাঠীচালনাৰ লগতে শূণ্যলৈ গুলীচালনা কৰে নিৰাপত্তাৰক্ষীসকলে। নিৰাপত্তাৰক্ষী আৰু আৰক্ষীৰ সংঘাতত এতিয়ালৈ ১০ লোকৰ মৃত্যু হৈছে। আনহাতে ৫০ৰো অধিক লোক আহত হৈছে প্ৰতিবাদত।

উল্লেখ্য যে কেনিয়াৰ চৰকাৰে ব্ৰেডৰ ওপৰত ১৬ শতাংশ বিক্ৰী কৰ, খাদ্য প্ৰস্তুত কৰা তেলৰ ওপৰত ২৫ শতাংশ আৰু মটৰ বাহনৰ ওপৰত ২.৫ শতাংশ ভেট আৰোপ কৰাৰ সিদ্ধান্ত গ্ৰহণ কৰিছে। বিধেয়কখনে নিম্নতম ৫০ খন বিচনাৰ বিশেষ চিকিৎসালয় নিৰ্মাণ আৰু সঁজুলি নিৰ্মাণত ব্যৱহৃত সামগ্ৰী আৰু সেৱাৰ ওপৰত ১৬ শতাংশ কৰ ধাৰ্য কৰিছে। বিধেয়কখন গৃহীত হোৱাৰ পিছতেই মূল্যবৃদ্ধিৰ সৈতে যুঁজি থকা দেশখনত সামগ্ৰীৰ দাম অধিক বৃদ্ধি পাব বুলি আশংকা কৰা হৈছে।

কেনিয়াৰ ৰাষ্ট্ৰপতি ৰুটোৰ প্ৰতিও ক্ষোভ বৃদ্ধি পাইছে জনতাৰ। ৰাষ্ট্ৰপতিৰ বিৰুদ্ধে প্ৰতাৰণাৰ অভিযোগ তুলিছে জনতাই। নিৰ্বাচনৰ সময়ত জনতাক সহায়ৰ প্ৰতিশ্ৰুতি দিছিল ৰাষ্ট্ৰপতিগৰাকীয়ে। ৰাষ্ট্ৰপতিগৰাকীয়ে কৰ বৃদ্ধি বিধেয়ক সম্পূৰ্ণৰূপে খাৰিজ কৰাৰো প্ৰতিশ্ৰুতি দিছিল। বিধেয়কখন সংসদত গৃহীত হোৱাৰ পিছতেই চৰম সীমা অতিক্ৰম কৰিছে প্ৰতিবাদে।

Leave A Reply

Your email address will not be published.