মণিপুৰত উপস্থিত কংগ্ৰেছৰ সাংসদ ৰাহুল গান্ধী। মণিপুৰৰ সাম্প্ৰতিক পৰিৱেশৰ বুজ লোৱাৰ উপৰিও বান বিধ্বস্ত অঞ্চলসমুহৰ লগতে আশ্ৰয় শিবিৰত থকা লোকসকলৰো খা-খবৰ ল’ব সাংসদ গৰাকীয়ে।
সোমবাৰে পুৱাৰ ভাগতে দিল্লীৰ পৰা উৰা মাৰি শিলচৰ বিমান বন্দৰত অৱতৰণ কৰে ৰাহুল গান্ধীয়ে । ইয়াৰ পাছতে কাছাৰ জিলাৰ সীমান্তত থকা মণিপুৰৰ জিৰিবাম জিলা অভিমুখে যাত্ৰা কৰিব। তাত থকা আশ্ৰয় শিবিৰবোৰ পৰিদৰ্শন কৰিব ৰাহুলে গান্ধীয়ে।তাৰ পাছতে ইম্ফলৰ পৰা চূড়াচান্দপুৰ আৰু মৈৰাং অঞ্চলত গৈ লোকসকলৰ সৈতে মত-বিনিময় কৰিব। ইয়াৰ পাছতে তেঁও দিল্লী অভিমুখে উভতি যাত্ৰা কৰিব কংগ্ৰেছৰ সাংসদ গৰাকী য়ে।উল্লেখ্য যে চলিত বৰ্ষত দ্বিতীয় বাৰৰ বাবে মণিপুৰ ভ্ৰমণ কৰিব ৰাহুল গান্ধীয়ে। অৱশ্যে ইয়াৰ পূৰ্বেও তেঁও মণিপুৰলৈ আহি হিংসাজৰ্জৰ পৰিস্থিতিৰ বুজ লৈছিল।