ISHAN NEWS – Always One Step Ahead of Time…

আপুনি বজাৰৰ পৰা ইলেক্ট্ৰনিক সামগ্ৰী কিনিবলৈ গৈ সামগ্ৰী বিধ আচল নে নকল তাক লৈ আপুনি চিন্তাত পৰিছে নেকি ?

0 74

আপুনি বজাৰৰ পৰা ইলেক্ট্ৰনিক সামগ্ৰী কিনিবলৈ গৈ সামগ্ৰী বিধ আচল নে নকল তাক লৈ আপুনি চিন্তাত পৰিছে নেকি ? কোনবিধ সামগ্ৰী আচল আৰু কোনবিধ সামগ্ৰী নকল সেইটো আপুনি কেইটা মান ছেকেণ্ডৰ জৰিয়তে লাভ কৰিব এটা চৰকাৰী এপৰ জৰিয়তে ।

BIS নামৰ এপৰ জৰিয়তে এইক্ষেত্ৰত সকাহ লাভ কৰিব আপুনি । BIS অৰ্থাৎ Bureau of Indian Standards নামৰ চৰকাৰী সংস্থাটোত দেশত উৎপাদন আৰু বিক্ৰী কৰা প্রতিবিধ সামগ্ৰীৰ পঞ্জীয়ন কৰাটো বাধ্যতামূলক। যদি আপুনি ক্ৰয় কৰা সামগ্ৰী বিধত BIS ট্ৰেড মাৰ্ক আছে তেতিয়া হলে চিন্তাৰ কাৰণ নায়। BIS এ আপোনাক প্ৰকৃত আৰু নকল সামগ্ৰী চিনাক্ত কৰাৰ ক্ষেত্রত সহায় কৰিব।

আমাৰ দেশত বিক্ৰী হোৱা সামগ্ৰীৰ বাকচত আঠটা সংখ্যাৰ এটা নম্বৰৰ লগত BIS ল’গ অংকিত কৰা হয়। উদাহৰণ হিচাপে এবিধ সামগ্ৰীত থকা পঞ্জীয়ন নম্বৰ R-12345678 ৷ এই সংখ্যাটোত থকা R ৰ অৰ্থ হল সামগ্ৰীবিধ পঞ্জীয়ন হৈছে। আপুনি যেতিয়া সামগ্ৰী ক্ৰয় কৰিবলৈ যাব তেতিয়া প্রথমে ল’গ’ আৰু পঞ্জীয়ন নম্বৰ পৰীক্ষা কৰিব। যিবোৰ সামগ্ৰীৰ ল’গ‛ আৰু পঞ্জীয়ন নম্বৰ নায়, তেতিয়া তেনে সামগ্ৰী ক্ৰয় কৰাৰ পৰা বিৰত থাকক আপুনি। কিন্তু নকল সামগ্ৰীতো এনে ল’গ’ থাকিব পাৰে তেতিয়া আপুনি BIS এপটোৰ জৰিয়তে সঠিক তথ্য জানিব পাৰিব ।


গুগুল প্লে স্টৰৰ পৰা আপুনি BIS এপটো ডাউনলোড কৰিব পাৰিব । এপটো ডাউনলোড কৰাৰ পাছত আপুনি Verify R-Noত ক্লিক কৰিব লাগিব। ইয়াৰ পাছত আপুনি ক্ৰয় কৰা সামগ্ৰীৰ পঞ্জীয়ন নম্বৰ অন্তৰ্ভুক্ত কৰিব লাগিব। ইয়াৰ জৰিয়তে আপুনি উৎপাদিত সামগ্ৰীৰ প্রতিষ্ঠানৰ নাম, কোনখন দেশত তৈয়াৰ কৰা হৈছে সামগ্ৰীবিধ সকলো তথ্য আপুনি লাভ কৰিব। যদি আপুনি ক্ৰয় কৰা সামগ্ৰী বিধৰ কোনোধৰণৰ তথ্য বিচাৰি নাপায় তেতিয়া আপুনি গম পাব সামগ্ৰীবিধ নকল বা ব্যৱহাৰৰ উপযোগী নহয়।

Leave A Reply

Your email address will not be published.